পুনৰ দ্বিতীয় বাৰৰ বাবে ল’ব লাগিব নেকি কৰ’ণা ভেকচিন, চীন-ছিংগাপুৰৰ পাছত ভাৰতত বৃদ্ধি পাব ধৰিছে সংক্ৰমণ
২০২০-২১ চন বিশ্ববাসীয়ে পাহৰিব নোৱাৰা দুটা বছৰ। কৰণা ভাইৰাছত শেষ হৈ গৈছিল বিশ্বৰ কোটিৰ ঘৰত লোকৰ প্ৰাণ। ভাৰততো প্ৰাণ হেৰুৱাইছিল লাখৰ ঘৰত লোকে। যাৰ ফলত ভাৰতে উলিয়াইছিল কৰণা ভেকচিন, তথা বুষ্টাৰ ডোজ। যাৰ পাছতে লাহে লাহে শাম কাটিছিল সেই ভাইৰাছৰ।
মানৱ নিৰ্মিত এই ভাইৰাছ বিয়পি পৰিছিল চীনৰ এটা লেবৰ পৰা। যিয়ে অতি কম দিনৰ ভিতৰতে সমগ্ৰ বিশ্ব আগুৰি ধৰিছিল। ট্ৰেভেল কৰা লোকৰ পৰা বিয়পি পৰিছিল এই ভাইৰাছ।
সেই মাৰাত্মক ভাইৰাছ পুনৰ এবাৰ উভতি আহিছে। চীনৰ হংকং, ছিংগাপুৰত ইতিমধ্যে বহু লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। দুয়ো ঠাইত ইতিমধ্যে জাৰি কৰা হৈছে হাই এলাৰ্ট। পাছে ভাৰততো লাহে লাহে পুনৰ গা কৰি উঠিছে এই ভাইৰাছে। মাথো দুটা সপ্তাহৰ ভিতৰতে ভাৰতত ধৰা পৰিছে বহু সংক্ৰমিত লোক।
এইবাৰৰ ভেৰিয়েণ্টৰ নাম JN.1, ইয়াক পূৰ্বৰ সকলো ভেৰিয়েণ্টতকৈ অধিক ভয়ানক আৰু অধিক সংক্ৰমক বুলি ধৰা হৈছে।
ছিংগাপুৰত এইবাৰ ২০২৫ বৰ্ষত ১৪ হাজাৰ লোক সংক্ৰমিত বুলি ধৰা পৰিছে। হংকঙতে ১০ সপ্তাহৰ ভিতৰতে ৩০ শতাংশ সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। হংকঙত বিশেষকৈ বয়োজ্যেষ্ঠ লোক সকল এই ৰোগত আক্ৰান্ত হৈছে।
এতিয়া পৰীক্ষা নিৰিক্ষাত ধৰা পৰিছে বাৰে বাৰে চৰ্দি জ্বৰ হোৱা লোকৰ শৰীৰত লাহে লাহে ৰোগ প্ৰতিৰোঘ ক্ষমতা কমি আহে, বুষ্টাৰ ডোজৰ কামো লাহে লাহে কমি আহে। যাৰ ফলতেই পুনৰ এবাৰ এই প্ৰশ্ন উত্থাপন হৈছে যে, আকৌ এবাৰ ল’ব লাগিব নেকি কৰণাৰ ভেকচিন।
স্বাস্থ্য বিশেষজ্ঞৰ ফালৰ পৰা জানিবলৈ দিয়া অনুসৰি, বয়োবৃদ্ধ আৰু শিশু সকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অন্য সকলৰ তুলনাত কিছু কম থাকে। তাতে আৰু ৰোগ হৈ থকা সকলৰ অধিক কম থাক, সেইয়ে এই সকল লোকে বুষ্টাৰ ডোজ লব পাৰে। তাৰ বাহিৰে অন্য সকল লোকেও যি সকল লোকৰ অন্য বেমাৰো আছে সেই সকল লোকেও এটা বুষ্টাৰ ডোজ লব পাৰে।
JN.1 ভিন্নতাৰ চিন-
জ্বৰ
মূৰৰ বিষ
পানী লগা
ডিঙি বিষ
কাহ
ডায়েৰিয়া, বমি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















