বাওঁ ফালৰ যকৃতত টেনিছ বলৰ সমান আকাৰৰ এটা টিউমাৰ ধৰা পৰিছিল টি ভি তাৰকা দীপিকা কক্কৰৰ৷ বায়পছি কৰি জনা গৈছিল যে সেয়া কেৱল টিউমাৰেই নহয় তাতেই কৰ্কটৰ কোষৰ বিভাজন আৰম্ভ হৈছে৷ চিকিৎসকে জনাইছে কৰ্কটৰ দ্বিতীয় পৰ্যায়ত আছে দীপিকাৰ সেই টিউমাৰত থকা কৰ্কটৰ কোষ৷ কেৱল অস্ত্ৰোপচাৰৰ মাধ্যমেৰেহে সেয়া নিৰ্মূল কৰা সম্ভৱ৷ দীপিকাৰ স্বামী ছোৱেইব ইব্ৰাহিমে বৃহস্পতিবাৰে জনাইছে যে একেলগে ১৪ ঘণ্টা ধৰি অস্ত্ৰোপচাৰ কৰা হৈছে অভিনেত্ৰীগৰাকীৰ৷ চিকিৎসকে কৈছে লিভাৰ কৰ্কট হ’লে তাৰ চিকিৎসা খুবেই জটিল৷ অস্ত্ৰোপচাৰৰ পাছতো নানান জটিলতাই দেখা দিব পাৰে৷ কি ধৰণৰ কৰ্কট, কিমান বিয়পিছে এই সকলোবোৰৰ ওপৰত নিৰ্ভৰ কৰি ৰোগী কেনে থাকিব বা কৰ্কট আকৌ হোৱাৰ সম্ভাৱনা আছে নেকি সেয়া পৰীক্ষা কৰা হয়৷
লিভাৰৰ কৰ্কট কিমান বিপজ্জনক?
লিভাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ৷ কাৰণ সি বিপাকক্ৰিয়া নিয়ন্ত্ৰণ কৰে৷ লিভাৰত কৰ্কটৰ কোষ বৃদ্ধি আৰম্ভ হলে তাৰ প্ৰভাৱ সমগ্ৰ শৰীৰতেই পৰে৷ বিপাকক্ৰিয়াৰ পদ্ধতিটোকেই ক্ষতিগ্ৰস্থ কৰি পেলায়৷ ইয়াৰোপৰি পিত্তৰসৰ ক্ষৰণত ভাৰসাম্য নাথাকে৷ লিভাৰে যিহেতু শৰীৰৰ পৰা টক্সিন বা দূষিত পদাৰ্থ বাহিৰ কৰে তেন্তে ক্ষেত্ৰত তাতেই কৰ্কট হোৱা মানে শৰীৰে আৰু বেছি মাত্ৰাত টক্সিন বা দূষিত পদাৰ্থ জমা কৰা৷ সংক্ৰমণ সেয়ে দ্ৰুত গতিত শৰীৰত বাঢ়িব ধৰে৷
যকৃতৰ কৰ্কট মূলত দুই ধৰণৰ৷ কৰ্কটৰ চিকিৎসকে জনোৱা অনুসৰি কৰ্কটে যেতিয়া লিভাৰত বাঁহ বান্ধে তেতিয়া তাক কোৱা হয় প্ৰাইমাৰী লিভাৰ কৰ্কট৷ হেপটোছেলুলাৰ কৰ্কট৷ যেতিয়া শৰীৰৰ অন্য কোনো অংগ প্ৰত্যংগত কৰ্কট হয় তাৰ পৰা কৰ্কট আকৌ যকৃতলৈ বিয়পিব পাৰে৷ এই ক্ষেত্ৰত তেনে কৰ্কটক কোৱা হয় ছেকেণ্ডাৰী লিভাৰ কৰ্কট৷ যেনে স্তনৰ কৰ্কট হলে লিভাৰলৈ সেই কৰ্কট বিয়পাৰ সম্ভাৱনা থাকে৷ এই ক্ষেত্ৰত যিহেতু কৰ্কটৰ কোষৰ ব্যপ্তি ঘটে বা বাঢ়ে সেয়ে কেৱল অস্ত্ৰোপচাৰ কৰি কৰ্কটৰ কোষ শেষ কৰি পেলাব নোৱাৰি৷ চিকিৎসকৰ মতে দীপিকা কক্কৰৰ লিভাৰৰ অস্ত্ৰোপচাৰ কৰা হৈছে৷ কাৰণ তেওঁৰ কৰ্কট প্ৰাইমাৰি আছিল৷ এই ক্ষেত্ৰত কৰ্কটৰ কোষ খুব বেছি বিয়পিব পৰা নাছিল৷
লিভাৰৰ কৰ্কটৰ অস্ত্ৰোপচাৰ কিমান জটিল?
প্ৰাইমাৰি কৰ্কটৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰ কৰি লিভাৰৰ যিমানখিনি অংশ কাটি ওলিওৱা হয় সেইখিনি আকৌ ৰিজেনাৰেট হয়৷ চিকিৎসকে জনাইছে লিভাৰৰ কৰ্কটৰ অস্ত্ৰোপচাৰ খুবেই জটিল আৰু সময়সাপেক্ষে৷ যদি আৰম্ভণিতে ধৰা পৰে তেন্তে লিভাৰৰ বেছি অংশ কাটি পেলাব নালাগে৷ লিভাৰৰ এক বৈশিষ্ট্য হৈছে তাৰ কোষৰ পুনৰ্গঠন সম্ভৱ, যি শৰীৰৰ বাকী অংগৰ নহয়৷ লিভাৰৰ যদি এক তৃতীয়াংশ কাটি পেলোৱা হয় তেন্তে সেয়াও ধীৰে ধীৰে পুনৰ্গঠন হয়৷ কোষৰ বিভাজন আৰু বৃদ্ধি হৈ স্থানসমূহ নিজে নিজেই পূৰণ হৈ যাব৷
কোষ পুনৰ্গঠনৰ প্ৰক্ৰিয়া যিমান দিন ধৰি চলিব, সিমান দিনেই নানান জটিলতাৰ মাজেৰে সময় কটাব লাগিব ৰোগীয়ে৷ যেনে পিত্তৰসৰ ক্ষৰণ বাঢ়ি যাব, শৰীৰৰ ভিতৰত ৰক্তক্ষৰণ হব পাৰে৷ শৰীৰৰ ভিতৰত ফ্লুইড বা ইলেক্ট্ৰলাইটৰ ভাৰসাম্য নষ্ট হব পাৰে৷ সেয়ে অস্ত্ৰোপচাৰৰ পাছত ৰোগীক খুবেই সাবধানে থাকিবলৈ কোৱা হয়৷ লিভাৰ স্কেন সেয়ে মাজে মাজে কৰি থকা জৰুৰী৷ ইয়াৰোপৰি খোৱাবোৱা নিয়ন্ত্ৰণত ৰাখিব লাগে৷ ধূমপান, মদ্যপান একেবাৰেই বন্ধ কৰিব লাগিব৷ নিয়মিত খোঁজকঢ়া, শ্বাসপ্ৰশ্বাসৰ ব্যায়াম কৰা জৰুৰী৷ ইয়াৰ সৈতে শৰীৰৰ ওজনো নিয়ন্ত্ৰণত ৰাখিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ