‘হয়, মইয়ে কৰিছো এয়া’- অৱশেষত আৰক্ষীৰ আগত স্বীকাৰ কৰিলে সোনমে, কান্দি কান্দি ক’লে সকলো
অৱশেষত মুখ খুলিলে সোনমে। আৰক্ষীৰ জেৰাত সৈ কাঢ়িলে সকলো। স্বীকাৰ কৰিলে স্বামী হত্যাৰ সকলো। মেঘালয় আৰক্ষীৰ আগত আজি স্বীকাৰ কৰিলে ৰ- হয়, মইয়ে কৰিছো এয়া।
ধৰা পৰাৰ সময়ৰে পৰা মুখ নোখোলা সোনমে অৱশেষত মুখ খুলিলে। মেঘালয় আৰক্ষীয়ে প্ৰেমিক ৰাজ কুশৱাহৰ সমুখত বহুৱাই দি হত্যাৰ প্ৰমাণ দেখুৱাই সোধপোচ কৰাৰ পাছতে লুকুৱাবলৈ একো নথকাত অৱশেষত কান্দি কান্দি কৈ গ’ল সকলো।
বন্ধুৰ সৈতে মিলিয়ে স্বামী ৰাজা ৰঘূবংশীত প্ৰাণে মাৰি পেলাইছিল বুলি আৰক্ষীৰ আহত কয় সোনমে। এই গোচৰত আৰক্ষীয়ে সোণমৰ বাহিৰেও আৰু চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ধৃত অভিযুক্তৰ ভিতৰত সোণমৰ প্ৰেমিক ৰাজ কুশৱাহো আছে।
এই চাৰি অভিযুক্তক লৈ এতিয়া আৰক্ষী শিলচৰত উপস্থিত হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি এই আটাইকেইজন অভিযুক্তক এজন এজনকৈ জেৰা চলি আছে।
গোচৰৰ তদন্তৰ সময়ত আৰক্ষীয়ে বহু গুৰুত্বপূৰ্ণ প্ৰমাণ লাভ কৰিছে। আনহাতে, সোণমৰ লগতে সহযোগীয়ে ৰাজাক হত্যা কৰা অস্ত্ৰও উদ্ধাৰ কৰিছে আৰক্ষীয়ে। তেজৰ দাগ থকা কাপোৰো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে সোণমৰ ৰেইনকোটটোও উদ্ধাৰ কৰিছে। বৰ্তমান এই সমগ্ৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















