আগন্তুক ১৫ জুন ২০২৫ দেওবাৰে সন্ধিয়া ৭.৫৭ত বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি গঠিত হব এক অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ যোগ৷ যাক কোৱা হয় শনি গুৰু কেন্দ্ৰ যোগ৷ এই সময়ত কৰ্মফলদাতা শনি আৰু জ্ঞান আৰু সমৃদ্ধিৰ প্ৰতীক বৃহস্পতিয়ে এটাই আনটোৰ পৰা ৯০ ডিগ্ৰী কোণত অৱস্থান কৰিব৷ এই শক্তিশালী গ্ৰহ সংযোগত কেৱল মহাকাশেই নহয়, প্ৰভাৱ পৰিব কেইটামান ৰাশিৰ জীৱনত৷ বিশেষকৈ মেষ, কৰ্কট আৰু মকৰ ৰাশিৰ জাতকৰ জীৱনলৈ শুভ পৰিবৰ্তন আহিব৷ শনি আৰু বৃহস্পতিৰ শক্তিশালী কেন্দ্ৰ যোগ মেষ ৰাশিৰ জাতকৰ বাবে শুভ সুযোগৰ দ্বাৰ খুলিব পাৰে৷
মেষ ৰাশি
- চাকৰিত সাফল্য আৰু পদোন্নতিৰ সুযোগ৷
- দীৰ্ঘদিনৰ বাধা দূৰ হব৷
- বিদেশত চাকৰিৰ সম্ভাৱনা
- ধৰ্মীয় ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি, ভ্ৰমণৰ সুযোগ৷
- অৰ্থনৈতিক অৱস্থাৰ উন্নতি
- প্ৰেম জীৱনত স্থিতি, বিবাহত সুখ
- পৰিয়াল আৰু সমাজত সন্মান বৃদ্ধি
কৰ্কট ৰাশি
- কৰ্কট ৰাশিৰ জাতকৰ বাবে এই কেন্দ্ৰ যোগ বিশেষ আশীৰ্বাদ স্বৰূপ৷
- কামৰ ক্ষেত্ৰত বাধা দূৰ হব৷
- উচ্চশিক্ষা আৰু ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ৷
- বিদেশ ভ্ৰমণৰ সম্ভাৱনা৷
- পাৰিবাৰিক সম্পৰ্ক মজবুত৷
- সন্তানৰ দিশৰ পৰা সুখবৰ৷
- ভাগ্যৰ পূৰ্ণ সমৰ্থন আৰু মানসিক শান্তি৷
- মকৰ ৰাশি
মকর রাশি
- মকৰ ৰাশিত জাতকে শনিৰ চাৰেসাতিৰ কষ্টৰ পৰা মুক্তি পাব৷
- ব্যৱসায় আৰু চাকৰিত অগ্ৰগতি৷
- সিদ্ধান্তৰ কাৰণে লাভজনক ফলাফল৷
- ভায়েক ভনীয়েকৰ সম্পৰ্ক উন্নত৷
- সন্তানৰ দিশৰ পৰা অগ্ৰগতি৷
- বিবাহিত জীৱনত সুখ আৰু পত্নীৰ সমৰ্থন৷
- স্বাস্থ্য বিষয়ত সামান্য সতৰ্কতাৰ প্ৰয়োজন৷
মনত ৰাখিব
শনি গুৰু কেন্দ্ৰ যোগত একাধিক মানসিক উন্নতি আৰু আৰ্থিক স্থিতি আহিব৷ তেনেকৈ এটা এটা গভীৰ আত্মসমীক্ষাৰো সময় এয়া৷ এই তিনিটা ৰাশিৰ জাতকে সময়ৰ সদ্ব্যৱহাৰ কৰক৷ ইয়াৰ সৈতে এটা কথা মনত ৰাখিব যে গ্ৰহ নক্ষত্ৰৰ অৱস্থান পৰিবৰ্তনৰ ফলত জীৱনত সুযোগেই আহিব তেনে নহয়, আচলতে আপুনি চেষ্টা কৰিব লাগিব৷ ভাগ্য আৰু চেষ্টা মিলিহে ফল দিয়ে৷ সেয়ে চেষ্টা কৰা জৰুৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















