ইটালীৰ চাৰ্ডিনিয়া দ্বীপৰ এক প্ৰান্তত আছে এখন সৰু শান্ত চহৰ৷ নাম ছান ভেৰো মিলিছ৷ ভূমধ্যসাগৰৰ নীলা পানীৰে ঘেৰি থকা এই চহৰ মূলত পৰিচিত ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু মুক্ত বতাহৰ বাবে৷ সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এক বিশেষ খবৰ৷ ছান ভেৰো মিলিছৰ বিচ্চত ফুৰিবলৈ হলে আপুনি বস্ত্ৰ পৰিধান কৰিব নোৱাৰিব৷ অৰ্থাৎ এই বীচ্চত নগ্নতা বাধ্যতামূলক৷ আনকি ইয়াত বিবাহৰ অনুষ্ঠান আয়োজন কৰিলেও আপুনি নগ্ন হৈয়েই এই পাৰ্টীত ভাগ লব লাগিব৷ কিন্তু কিমান সত্য এই দাবী?
নগ্ন বীচ্চৰ ইতিহাস
ছান ভেৰো মিলিছৰ ওচৰত অৱস্থিত এক বিখ্যাত বীচ্চৰ নাম ইছ আৰেনাছ৷ এই বীচ্চৰ ন্যুডিষ্ট ফ্ৰেণ্ডলি বীচ্চ হিচাপে স্বীকৃত৷ অৰ্থাৎ কোনোৱে বিচাৰিলে এই বীচ্চত নগ্ন হৈ ফুৰিব পাৰে৷ ২০১৮ চনত স্থানীয় প্ৰশাসনে এই এলেকাটোক নেচাৰলিষ্ট উপযোগী অঞ্চল হিচাপে স্বীকৃতি দিয়ে৷ সহজ ভাষাত ইয়াৰ মানে সৈতে নগ্নতা আইনত অনুমোদিত৷ কিন্তু মূৰত ৰাখিব লাগিব নগ্ন হৈ ঘূৰিব পাৰিব ইয়াত কোনো বাধা নাই৷ কিন্তু কোনো পৰ্যটকে নগ্ন হৈ চলিব নুখুজিলে কোনোৱে জোৰো কৰিব নোৱাৰে৷
বিবাহৰ ক্ষেত্ৰত নগ্নতা বাধ্যতামূলক নেকি?
ছান ভেৰো মিলিছ কিংবা ইছ আৰেনাছ বীচ্চত বিবাহ কৰাবৰ বাবে নগ্ন হোৱাৰ কোনো আইনগত বাধ্যবাধকতা নাই৷ নেচাৰালিজমত বিশ্বাসী, বহুতেই এই বীচ্চত নগ্ন হৈ বিবাহ কৰায়৷ কিন্তু বিষয়টো একেবাৰেই ব্যক্তিগত পছন্দৰ বহিঃপ্ৰকাশ৷ ইটালীৰ আইন অনুসৰি বিয়া এক ধৰ্মীয় বা নাগৰিক অনুষ্ঠান৷ যিকোনো স্থানীয় পৌৰসভা অথৱা ধৰ্মীয় প্ৰতিষ্ঠানৰ মাধ্যমেৰে সম্পন্ন হয়৷ সমুদ্ৰৰ পাৰত বিবাহ কৰোৱাৰ অনুমতি থাকিলেও তাত কি পোছাক পৰিধান কৰিব সেয়াও সম্পূৰ্ণ ব্যক্তিগত বিষয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















