বিচিচিআইৰ নিয়ম উলংঘা জাডেজাৰ, পুনৰ শাস্তি পাব নেকি ক্ৰিকেটাৰগৰাকীয়ে!
এডগবাষ্টন ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত দিনটোৰ খেল আৰম্ভ হোৱাৰ পূৰ্বেই টিম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই এক ডাঙৰ ভুল কৰে। এই টেষ্ট মেচখনত জাডেজাই ৮৯ ৰান সংগ্ৰহ কৰে যদিও তেওঁ বিচিচিআইৰ এটা নিয়মো ভংগ কৰে।
অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত বিচিচিআইয়ে সকলো খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰ বাবে কিছু নতুন নিৰ্দেশনা জাৰি কৰিছিল, যিবোৰ কঠোৰভাৱে মানি চলিবলৈ কোৱা হৈছিল।
কিন্তু এডগবাষ্টন টেষ্ট মেচৰ দ্বিতীয় দিনৰ খেল আৰম্ভ হোৱাৰ আগতেই জাডেজাই এটা ডাঙৰ নিয়ম ভংগ কৰে, যাৰ বাবে এতিয়া সকলোৰে চকু নিবদ্ধ জাডেজাৰ ওপৰত, ব’ৰ্ডৰ পৰা শাস্তি পাব নে নাপাব তাকে লৈ।
২০২৫ চনৰ আৰম্ভণিতে অষ্ট্ৰেলিয়া ভ্ৰমণ সমাপ্ত কৰি যেতিয়া টিম ইণ্ডিয়াই দেশলৈ উভতি আহিছিল, তেতিয়া বিচিচিআইয়ে বিদেশ ভ্ৰমণৰ বাবে কিছু নতুন নিয়ম প্ৰণয়ন কৰিছিল। এটা নিয়ম আছিল যে কোনো খেলুৱৈয়ে অকলে ষ্টেডিয়ামলৈ নাযায় বা নাহে।
সকলো খেলুৱৈয়ে দলীয় বাছত একেলগে যাত্ৰা কৰিব। এডগবাষ্টন টেষ্ট মেচৰ দ্বিতীয় দিনা ইতিমধ্যে ৰবীন্দ্ৰ জাদেজা দলীয় বাছ এৰি ষ্টেডিয়ামলৈ ৰাওনা হৈছিল। অৱশ্যে দলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি জাদেজাই এই নিয়ম ভংগ কৰিছিল।
দ্বিতীয় দিনৰ খেল শেষ হোৱাৰ পিছত টিম ইণ্ডিয়াৰ হৈ সংবাদমেললৈ ৰবীন্দ্ৰ আহিছিল, য’ত তেওঁ কৈছিল যে বলটো নতুন হোৱাৰ বাবেই মই অনুভৱ কৰিছিলো যে মই অতিৰিক্ত বেটিং কৰিব লাগে কাৰণ নতুন বলটো ভালকৈ খেলিলে তেতিয়া মোৰ বাবে কামটো অলপ সহজ হৈ পৰিব। এই কামটোত মই সফল হৈছিলো আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণলৈকে বেটিং কৰিব পাৰিছিলো। যেতিয়া আপুনি বেটটোৰে দলটোলৈ অৰিহণা যোগায়, তেতিয়া বৰ ভাল লাগে। মই যেতিয়া বেটিং কৰিবলৈ আহিছিলো তেতিয়া দলটোৱে ৫টা উইকেট হেৰুৱাইছিল আৰু এনে পৰিস্থিতিত মই ভাল বেটিং কৰিবলৈ সক্ষম হৈছিলো, যিটোত মই সুখী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















