বহু দিনৰ মূৰত বিৰাট-ৰোহিত যুটি দেখাৰ আশা ভংগ, ভাৰতৰ বাংলাদেশ ভ্ৰমণৰ ওপৰত ডাঙৰ আপডেট !
বৰ্তমান ইংলেণ্ড ভ্ৰমণত আছে টিম ইণ্ডিয়া, য’ত দুয়োটা দলৰ মাজত ৫খনীয়া টেষ্ট শৃংখলা অনুষ্ঠিত হৈ আছে। এই ছিৰিজৰ পিছত টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ আছে। এই ভ্ৰমণত টিম ইণ্ডিয়াই বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলা খেলিব।
আনহাতে এই ভ্ৰমণৰ সময়তে এদিনীয়া শৃংখলাত বহুদিনৰ মূৰত অনুৰাগীয়ে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ যুটিক খেলা দেখা পাব বুলি আশা কৰিছিল। কিন্তু এতিয়া সেই সকলো আশাত ভংগ ।
প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আগষ্ট মাহত টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ এতিয়া বাতিল কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত দুয়োখন দেশৰ ক্ৰিকেট ব’ৰ্ডে কোনো আনুষ্ঠানিক তথ্য দিয়া নাই।
বাংলাদেশ ক্ৰিকেট বৰ্ডৰ এগৰাকী বিষয়াই কয় যে, “ভাৰতৰ সৈতে চিৰিজ খনৰ তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। বিচিচিআইয়ে কয় যে আগষ্ট মাহত ভাৰতৰ বাবে বাংলাদেশ কঠিন। এইটো এফটিপিৰ অংশ।” অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে বিচিচিআইয়ে একো কোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ