১৩ দিনত ৬৩ জন লোকৰ মৃত্যু, ৪০ জন নিৰুদ্দেশ! ৪০০ কোটিৰো অধিক লোকচান
বাৰিষাৰ ফলত হিমাচল প্ৰদেশত ব্যাপক ধ্বংসলীলা অব্যাহত আছে। যোৱা ২০ জুনৰ পৰা বিগত ১৩ দিন ধৰি ৰাজ্যখনত ধাৰাসাৰ বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ঘটনাত এতিয়ালৈকে ৬৩ জন লোকে প্ৰাণ হেৰুৱাইছে, আনহাতে ৪০ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।
ৰাজহ বিভাগৰ দুৰ্যোগ ব্যৱস্থাপনাৰ তথ্য অনুসৰি এই প্ৰাকৃতিক দুৰ্যোগৰ বাবে ৰাজ্যখনৰ আনুমানিক ৪০০ কোটিৰো অধিক লোকচান হৈছে।
ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক জীৱন আৰু সা-সম্পত্তিৰ ক্ষতি হৈছে। সৰ্বাধিক ক্ষতিসাধন হৈছে মাণ্ডিত। মন্দি জিলাৰ থুনাগ, বাগছায়দ (যিটো প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি জয়ৰাম ঠাকুৰৰ বিধান সভা সমষ্টিত আহে)ত যথেষ্ট ধ্বংসলীলা হৈছে। ইয়াৰ উপৰিও মাণ্ডীৰ কাৰ্ছগ আৰু ধৰমপুৰতো ভয়াৱহ ক্ষয়-ক্ষতি হৈছে।
ইয়াৰ লগতে ধাৰাসাৰ বৰষুণৰ ফলত ২৮৭টা জীৱ-জন্তুৰ মৃত্যুও হৈছে, যাৰ ফলত গ্ৰাম্য অৰ্থনীতিত ডাঙৰ আঘাত পৰিছে। পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতি হৈছে, যাৰ ফলত স্বাভাৱিক জীৱনত বেয়াকৈ প্ৰভাৱ পৰিছে।
বতৰ বিজ্ঞান বিভাগে ৬ জুলাইলৈকে হিমাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে, যাৰ বাবে পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰ আৰু দুৰ্যোগ সাহায্য দলসমূহে অহৰহ সাহায্য আৰু উদ্ধাৰ অভিযানত ব্যস্ত আছে যদিও বতৰে বহু প্ৰত্যাহ্বান আনিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ