হিন্দুধৰ্মত বছৰত মুঠ ২৪ টা একাদশী তিথি পালনৰ বিধি আছে৷ মাহৰ শুক্লপক্ষত এটা আৰু কৃষ্ণপক্ষত এটাকৈ একাদশী পালিত হয়৷ এই সকলো একাদশীৰ মাজত দেৱশয়নী একাদশীৰ বিশেষ মাহাত্ম্য আছে৷ প্ৰচলিত বিশ্বাস অনুসৰি দেৱশয়নী একাদশীৰ পৰা চাৰি মাহৰ বাবে নিদ্ৰাবিভূত হয় শ্ৰীবিষ্ণু৷ চাৰি মাহৰ পাছত দেৱউত্থানী একাদশীত নিদ্ৰাভংগ হয় তেওঁৰ৷ এই চাৰি মাহ নাৰায়ণ নিদ্ৰামগ্ন থাকে বুলি এই সময়ত শাস্ত্ৰমতে কোনো শুভ কাম কৰিব নালাগে৷ ৬ জুলাই দেওবাৰে পালিত হব দেৱশয়নী একাদশী৷ জানি থওক বিষ্ণুৰ আশীৰ্বাদ পাবলৈ সেইদিনা কি কি কাম কৰা জৰুৰী?
বিষ্ণু সহশ্ৰনাম জপ কৰক
দেৱশয়নী একাদশীত পুৱা গা ধুই ভক্তিভাৱে বিষ্ণু সহশ্ৰনাম জপ কৰক৷ ইয়াৰ ফলত আপুনি সকলো পাপৰ পৰা মুক্তি পাব৷ অন্তৰাত্মা জাগ্ৰত হব আৰু মানসিক শান্তি লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ