কেৱল প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰাই নহয়. স্বামী ৰাজাৰ মৃত্যুৰ পাছত প্ৰেমিক ৰাজৰ সৈতে বিবাহপাশতো আৱদ্ধ হৈছে সোনম ৰঘুবংশী৷ মেঘালয় হানিমুন হত্যাকাণ্ডৰ নতুন নতুন তথ্য ইতিমধ্যেই পোহৰলৈ আহিছে৷ ৰাজাৰ ককায়েক বিপিন ৰঘুবংশীয়ে দাবী কৰিছে যে তেওঁৰ ভায়েকক হত্যা কৰাৰ পাছতেই প্ৰেমিক ৰাজ কুশৱাহাক বিয়া কৰাইছে সোনমে৷
প্ৰকৃততে মেঘালয় আৰক্ষীয়ে হানিমুন হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ গৈ দ্বিতীয় এক মঙ্গলসূত্ৰৰ সন্ধান পাইছে৷ ৰাজা ৰঘুবংশীৰ ককায়েক বিপিন ৰঘুবংশীৰ দাবী, ‘আৰক্ষীয়ে দ্বিতীয় যি মঙ্গলসূত্ৰ উদ্ধাৰ কৰিছে সেয়া সম্ভৱত ৰাজ আৰু সোনমৰ বিবাহৰ প্ৰতীক৷ সোনমৰ কাষত দুটা মঙ্গলসূত্ৰ পোৱা গৈছে৷ প্ৰথমটো তেওঁৰ পৰিয়ালৰ পৰা উপহাৰ পোৱা৷ আৰু দ্বিতীয়টো ৰাজ কুশৱাহাই দিয়া৷ বিপিনে কৈছে, ‘ৰাজাক হত্যা কৰাৰ পাছত ৰাজ আৰু সোনমে যেতিয়া আত্মগোপন কৰিলে তেতিয়াই তেওঁলোকে বিয়া কৰাইছে৷’
উল্লেখ্য যে বিগত ২০ মে’ত মধুচন্দ্ৰিমাত মেঘালয়লৈ ফুৰিবলৈ গৈছিল নৱদম্পতি ৰাজা ৰঘুবংশী আৰু সোনম ৰঘুবংশী৷ ২৩ মে চেৰাপুঞ্জিত উপস্থিত হোৱাৰ পাছত নিখোঁজ হৈ যায় দম্পতি৷ এই ঘটনাৰ ১১ দিন পাছতেই জলপ্ৰপাতৰ খাদৰ পৰা উদ্ধাৰ হয় ৰাজাৰ দেহ৷ তেওঁলোকে সন্ধান পোৱা নাছিল সোনমৰ৷ ইয়াৰ মাজতেই গাজিপুৰৰ পৰা ঘৰলৈ ফোন কৰে সোনমে৷ এই ফোনৰ সূত্ৰ ধৰি তেওঁক আটক কৰি সোধপোছ কৰে আৰক্ষীয়ে৷ ইয়াৰপাছতেই সোনমৰ বক্তব্যত বিসংগতি ধৰা পৰাত তেওঁক গ্ৰেপ্তাৰ কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ