দৃক পঞ্চাং অনুসৰি, ৬ জুলাই দেওবাৰে দুপৰীয়া ১ বাজি ৩২ মিনিটত, কেতুৱে পূৰ্বফাল্গুনী নক্ষত্ৰত প্ৰৱেশ কৰিব৷ এক সময়ত এই নক্ষত্ৰমণ্ডলত কেতুৰ পূৰ্ণ গোচৰ হ’ব ২০ জুলাই দেওবাৰে দুপৰীয়া ২ বাজি ১০ মিনিটত৷ ৰাহুৰ সৈতে কেতু হৈছে ছায়া গ্ৰহ, যি সৰ্বদা বিপৰীতমুখী হৈ থাকে৷ বিপৰীতমুখী অৱস্থাৰ কাৰণে, প্ৰথমে ৰাশি বা নক্ষত্ৰৰ মাজত প্ৰৱেশ কৰে আৰু তাৰপিছতেই কিছু সময়ৰ পাছত পূৰ্ণ গোচৰ ঘটে৷ ২০২৫ চনৰ জুলাই মাহত, উত্তৰাফাল্গুনী নক্ষত্ৰৰ পৰা পূৰ্বাফাল্গুনী নক্ষত্ৰত কেতুৰ গোচৰ সমস্ত ৰাশিৰ ওপৰত গভীৰ আৰু ব্যাপক প্ৰভাৱ পেলাব৷ জ্যোতিষাচাৰ্যই কৈছে যে এই নক্ষত্ৰত কেতুৰ উপস্থিতিয়ে ৩ ৰাশিৰ ঘুমন্ত ভাগ্যক জগাই তুলিব পাৰে আৰু এই ৰাশিসমূহৰ বিশেষ প্ৰচেষ্টাৰ ফলত অৰ্থৰ প্ৰবাহ বৃদ্ধি পাব৷ জানি থওক এই ভাগ্যবান ৰাশিসমূহ কি কি?
বৃষ ৰাশি
পূৰ্বফাল্গুনী নক্ষত্ৰত কেতুৰ গোচৰ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত উপকাৰী৷ এই গোচৰৰ সময়ত আপুনি আপোনাৰ সৃজনশীলতা আৰু নেতৃত্বৰ ক্ষমতাৰ পূৰ্বণ সুবিধা পাব৷ কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তি উন্নত হব আৰু পুৰণি অসম্পূৰ্ণ প্ৰকল্পত সাফল্যৰ সম্ভাৱনা আছে৷ আপুনি যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি লৈছে, তেন্তে এই সময় অনুকূল থাকিব৷ পাৰিবাৰিক জীৱনতো ভাৰসাম্য থাকিব আৰু ব্যয়ৰ তুলনাত আয় বৃদ্ধিৰো লক্ষণ আছে৷ বিশেষ প্ৰচেষ্টা কৰিলে বিনিয়োগৰ পৰা হঠাৎ আৰ্থিক লাভ পাব পাৰে৷
তুলা ৰাশি
এই গোচৰে তূলা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ মানসিক স্বচ্ছতা আৰু ভাৰসাম্য আনিব৷ আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা উন্নত হব আৰু আপুনি আপোনাৰ লক্ষ্য স্পষ্টভাৱে দেখিবলৈ সক্ষম হব৷ চাকৰিজীৱী ব্যক্তিৰ পদোন্নতি বা দৰমহা বৃদ্ধি হব পাৰে৷ অন্যহাতে ব্যৱসায়ীয়ে পুৰণি লেনদেনত উপকৃত হব৷ নতুন পৰিকল্পনা বাস্তৱায়নৰ বাবে এই সময় ভাল৷ বিশেষকৈ যদি সৃজনশীল ক্ষেত্ৰৰ সৈতে সম্পৰ্কিতসকলৰ বাবে এই সময় শুভ৷ ব্যক্তিগত সম্পৰ্কসমূহ মধুৰ হৈ উঠিব আৰু প্ৰেমৰ সম্পৰ্কসমূহ আৰু স্থিতিশীল হৈ উঠিব৷ আপুনি যদি সম্পত্তি বা যানবাহন ক্ৰয়ৰ কথা ভাৱিছে এই সময় অনুকূল৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে এই গোচৰ আত্মদৰ্শন আৰু আধ্যাত্মিক অগ্ৰগতিৰ দ্বাৰ উন্মুক্ত কৰিব৷ আপোনাৰ ভিতৰৰ কণ্ঠস্বৰ শক্তিশালী হব আৰু আপোনাৰ সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পাব৷ যিসকলে শিল্প, লেখালেখি, সংগীত বা আধ্যত্মিকতাৰ ক্ষেত্ৰত কাম কৰিছে তেওঁলোকে বিশেষ স্বীকৃতি আৰু সন্মান পাব পাৰে৷ অৰ্থৰ দিশৰ পৰাও এই গোচৰ শুভ৷ বিশেষকৈ বিদেশী উৎসৰ পৰা আয় বা অনলাইন মাধ্যমেৰে আয়ৰ নতুন সুযোগ আহিব পাৰে৷ আপুনি যদি গৱেষণা বা অনুসন্ধানমলূক কামত নিযুক্ত থাকে, এই সময় আপোনাৰ বাবে সফল প্ৰমাণিত হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ