গুণগুণৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই কঠিয়া যোগান ধৰিব লগা হ’ল প্ৰশাসনে৷
অৱশেষত প্ৰশাসনে গুণগুণহঁতক যোগান ধৰিছে কঠিয়া৷
উচ্ছেদৰ পাছতেই ক্ষতিপূৰণ হিচাপে এই কঠিয়া যোগান ধৰা হৈছে পৰিয়ালটোক৷
উচ্ছেদৰ নামত তহিলং কৰা হৈছিল খেতিয়ক পৰিয়ালটোৰ সমস্ত কঠিয়া৷
তাৰপিছতেই ফেচবুকত বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰি এই তথ্য প্ৰকাশ কৰিছিল গুণগুণ নামৰ কৃষককন্যা গৰাকীয়ে৷
বানে জুৰুলা কৰা পৰিয়ালসমূহে সেই স্থানত খেতি কৰি আহিছিল৷
সেই কৃষিভূমিত উচ্ছেদ চলাবৰ বাবে জাননি দিছিল প্ৰশাসনে৷
প্ৰশাসনৰ সেই জাননী লাভ কৰাৰ পাছতেই খেতিয়ক পৰিয়ালটোৱে কঠিয়াখিনি তুলিবলৈ কিছু সময় বিচাৰিছিল প্ৰশাসনৰ পৰা৷
কিন্তু প্ৰশাসনে সেই অনুৰোধ নাৰাখি কঠিয়াতলিখিনি বুলডোজাৰ চলাই ধ্বংস কৰে৷
প্ৰশাসনে কঠিয়া দিনাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক পৰিয়ালটোৱে৷
প্ৰশাসনে কঠিয়া যোগান ধৰাৰ ধন্যবাদ জ্ঞাপন কৰিছে কৃষক পৰিয়ালটোৱে৷
কিন্তু কঠিয়া উচ্ছেদ নকৰো বুলি কৈ মণ্ডলে কিয় এই কঠিয়াডৰা উচ্ছেদ কৰিলে সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে কৃষক পৰিয়ালটোৱে৷
প্ৰশাসনৰ এই ভূমিকাক সাপ হৈ খুঁটি বেজ হৈ জৰা বুলিও কৈছে কৃষক পৰিয়ালটোৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ