যক্ষৰ ৰজা কুবেৱ দেৱৰ প্ৰিয় কিছু ৰাশি আছে৷ যি তেওঁৰ খুবেই প্ৰিয় যাৰ ওপৰত তেওঁৰ কৃপা সকলোৱে জীৱনত বৰ্ষিত হয়৷ যাৰ কাৰণে এই চাৰিটা ভাগ্যবান ৰাশিৰ জাতকে সকলো দিশৰ পৰাই সাফল্য পায় আৰু ধনী হয়৷ জানি থওক সেই ভাগ্যবান ৰাশিসমূহ কি কি?
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক জাতিকা সম্পদৰ দেৱতা কুবেৰৰ আশীৰ্বাদপ্ৰাপ্ত৷ কুবেৰ দেৱে বৃষ ৰাশিক ভালপায় আৰু বৃষ ৰাশিৰ জাতক জাতিকাই কেতিয়াও অৰ্থৰ অভাৱ অনুভৱ নকৰে৷ এই ৰাশিৰ জাতক জাতিকাই প্ৰতিটো ক্ষেত্ৰত সফল হয়৷ তেওঁলোকে সকলো প্ৰকাৰৰ বস্তুগত সুখ লাভ কৰে৷
কৰ্কট ৰাশি
কৰ্কট কুবেৰ দেৱৰ প্ৰিয় ৰাশি৷ এই ৰাশিৰ জাতক জাতিকাই কুবেৰ দেৱৰ কৃপাত সম্পদ আৰু সমৃদ্ধি লাভ কৰে৷ এই জাতক জাতিকাই তেওঁলোকৰ পৰিয়ালৰ প্ৰতি আৱেগপ্ৰৱণ হয় আৰু তেওঁলোকৰ বাবে প্ৰচুৰ অৰ্থ ব্যয় কৰে৷ এই ৰাশিৰ জাতক জাতিকাই সমাজত প্ৰচুৰ সন্মান পায়৷
তুলা ৰাশি
তুলা ৰাশিক কুবেৰ দেৱৰ প্ৰিয় ৰাশি হিচাপেও বিবেচনা কৰা হয়৷ তুলা ৰাশিৰ জাতক জাতিকাই সৰ্বদা কুবেৰ দেৱৰ আশীৰ্বাদ পায়৷ যাৰ কাৰণে এই জাতক জাতিকাই তেওঁলোকৰ জীৱন ষ্টাইলিছভাৱে কটায়৷ এই ৰাশিৰ জাতকে যি কামেই নকৰক কিয় সেই কামতেই সফলতা লাভ কৰে৷
ধনু ৰাশি
ধনু কুবেৰ দেৱৰ প্ৰিয় ৰাশিসমূহৰ মাজত অন্যতম৷ কুবেৰ দেৱে এই ৰাশিৰ জাতকৰ ওপৰত তেওঁৰ বিশেষ কৃপা ৰাখে৷ এই ৰাশিৰ জাতক জাতিকা অত্যন্ত পৰিশ্ৰমী হয়, যাৰ প্ৰতিদান তেওঁলোকে সম্পদৰ আকাৰে পায়৷ এই ৰাশিৰ জাতক জাতিকাই তেওঁলোকৰ সম্পূৰ্ণ জীৱন প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি সম্পদ উপাৰ্জন কৰে৷ এই ৰাশিৰ জাতক জাতিকা সৎ হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ