কৃষিজীৱী এটা পৰিয়াল৷ পৰিয়ালৰ ৬গৰাকী লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ খিলঞ্জীয়া এই কৃষক পৰিয়ালে আজি চকুলো টুকিছে৷ এই কাহিনী এক উচ্ছেদৰ কাহিনী৷ বুলড’জাৰৰ কোব পৰিছে লখিমপুৰৰ কৃষিজীৱী পৰিয়ালৰ কৃষিভূমিত৷ অবৈধ ভূমিত চলিছে চৰকাৰৰ উচ্ছেদ৷ এই অবৈধ ভূমি বুলি চিনাক্ত কৰা মাটিডৰাতেই সোণগুটিৰ বাবে কঠিয়া সিঁচিছিল গুণগুণহঁতে৷ সামাজিক মাধ্যমত ভাইৰেল হৈছে গুণগুণ চেতিয়াৰ এটা বিশেষ ভিডিঅ’৷
গুণগুণে ভিডিঅ’ত কৈছে, ‘আমিতো বাংলাদেশী নহয়৷ আমি মাটিও বিচৰা নাই৷ আমি মাত্ৰ অলপমান সময়হে বিচাৰিছিলো৷ আমি কঠিয়াখিনি তুলি লও তাৰপিছতেই এই মাটি আপোনালোকক এৰি দিম৷ কিন্তু আমাৰ সপোনখিনি জেচিবিয়ে শেষ কৰি দিলে৷ আমি সাধাৰণ মানুহ আমি অনুৰোধহে কৰিব পাৰো৷ কিন্তু আমাৰ অনুৰোধ কোনে শুনিব? প্ৰকৃত খেতিয়কেহে বুজিব কঠিয়াতলি ডৰা যেতিয়া ধ্বংস হৈ যায় কেনে অনুভৱ হয়৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ