ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল
আমেৰিকাত ভ্ৰমণ, পঢ়া বা কাম কৰাৰ সপোন দেখা ভাৰতীয়সকলৰ বাবে ট্ৰাম্পে লৈ আহিছে এটা বেয়া খবৰ। আমেৰিকাৰ ভিছাৰ মাচুল দুগুণতকৈও অধিক বৃদ্ধিৰ ঘোষণা৷ আমেৰিকাই নতুন ভিছা অখণ্ডতা মাচুল কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছে, যিটো ২০২৬ চনৰ পৰা কাৰ্যকৰী হ’ব।
এই মাচুল পৰ্যটক, ছাত্ৰ, ব্যৱসায়িক ভ্ৰমণকাৰী আৰু প্ৰযুক্তি পেছাদাৰীকে ধৰি প্ৰায় সকলো অ-অভিবাসী ভিছাধাৰীৰ বাবে প্ৰযোজ্য হ’ব।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০২৫ চনৰ ৪ জুলাইত ৱান বিগ বিউটিফুল বিল নামৰ এখন বৃহৎ আইনত স্বাক্ষৰ কৰিছিল, য’ত এই নতুন ভিছাৰ অখণ্ডতা মাচুলৰ কথা উল্লেখ আছে। এই আইনৰ অধীনত প্ৰতিটো নন-ইমিগ্ৰেণ্ট ভিছাৰ বাবে ২৫০ ডলাৰ (প্ৰায় ২১,৪০০ টকা) অতিৰিক্ত মাচুল দিব লাগিব।
এই মাচুল এক প্ৰকাৰৰ ছিকিউৰিটি ডিপ’জিট, যিটো ভিছা পোৱাৰ সময়ত দিব লাগিব। বিশেষ কথাটো হ’ল মুদ্ৰাস্ফীতি অনুসৰি প্ৰতি বছৰে এই পৰিমাণ বাঢ়িব।
খবৰ অনুসৰি এই মাচুল B1/B2 (পৰ্যটক/ব্যৱসায়), F/M (ছাত্ৰ), H1B (কৰ্ম) আৰু J (বিনিময়) ভিছাৰ দৰে সকলো অ-অভিবাসী শিতানত প্ৰযোজ্য হ’ব। কূটনৈতিক ভিছা (এ আৰু জি কেটেগৰী) থকাসকলেহে এই মাচুলৰ পৰা হাত সাৰিব পাৰিব।
এতিয়ালৈকে B1/B2 ভিছাৰ মাচুল প্ৰায় ১৮৫ ডলাৰ (প্ৰায় ১৬,০০০ টকা)। কিন্তু নতুন ভিছাৰ অখণ্ডতা মাচুলৰ পিছত এই খৰচ প্ৰায় ৪৭২ ডলাৰ (প্ৰায় ৪০,৪৫৬ টকা)লৈ বৃদ্ধি পাব। অৰ্থাৎ বৰ্তমানৰ মাচুলৰ তুলনাত ডেৰ-দুগুণ বেছি!
ভিছাৰ অখণ্ডতা মাচুল ২৫০ ডলাৰৰ উপৰিও ইয়াত ২৪ ডলাৰৰ আই-৯৪ মাচুল আৰু ১৩ ডলাৰৰ ই এছ টি এ মাচুলও অন্তৰ্ভুক্ত কৰা হৈছে। নতুন মাচুলৰ সৈতে ভাৰতীয়সকলে বি ১/বি ২ ভিছাৰ বাবে প্ৰায় ৩৭,৫০০ টকা খৰচ কৰিব লাগিব।
অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়াও নিশ্চিত হোৱা নাই আৰু ইয়াৰ সঠিক পৰিমাণো স্পষ্ট হোৱা নাই। কিন্তু এইটো নিশ্চিত যে এই বৃদ্ধিয়ে ভাৰতীয় ভ্ৰমণকাৰী, বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰীসকলৰ বাবে এক ডাঙৰ আঘাত হ’ব।
খবৰ অনুসৰি এই ভিছাৰ অখণ্ডতা মাচুলে ছিকিউৰিটি ডিপ’জিটৰ দৰে কাম কৰিব, যিটো কিছুমান চৰ্তত ঘূৰাই দিব পাৰিব। যদি আপুনি আপোনাৰ ভিছাৰ ম্যাদ উকলি যোৱাৰ পাঁচ দিনৰ ভিতৰত আমেৰিকা এৰি যায় আৰু ভিছা বৃদ্ধিৰ বাবেও নিবিচাৰে আৰু আপোনাৰ অৱস্থাও সলনি নকৰে, তেন্তে আপুনি এই মাচুল ধন ঘূৰাই পোৱাৰ বাবে দাবী কৰিব পাৰে। কিন্তু এই চৰ্তসমূহ যথেষ্ট কঠোৰ, বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰীসকলৰ বাবে, যাৰ ভিছাৰ সময়সীমা কেইবাবছৰ হ’ব পাৰে। এনে পৰিস্থিতিত তেওঁলোকৰ ধন বহুদিন আবদ্ধ হৈ থাকিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















