Android ফোনৰ WhatsApp ব্যৱহাৰকাৰীলৈ সুখবৰ, আহি গৈছে বিশেষ বৈশিষ্ট্য, লাভ কৰিব বিশেষ মজা
শীঘ্ৰে কোটি কোটি এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে এক অতিকে সুখবৰ লৈ আহিছে WhatsApp কোম্পানীয়ে। আহি আছে এক বিশেষ বৈশিষ্ট্য। যি বৈশিষ্ট্যই ব্যৱহাৰকাৰীসকলৰ বহু কাম সহজ কৰি তুলিব।
হোৱাটছএপৰ এই বিশেষ বৈশিষ্ট্যই এতিয়াৰ পৰা এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ পৰা পঢ়া নোহোৱা গুৰুত্বপূৰ্ণ বাৰ্তাসমূহ একে ঠাইতে দেখুৱাব। WhatsApp এ এই বৈশিষ্টৰ নাম দিছে Quick Recap feature। হোৱাটছএপৰ এই বৈশিষ্ট্য মেটা এআইৰ ওপৰত ভিত্তি কৰি হ’ব।
WABetaInfo ৰ প্ৰতিবেদন অনুসৰি এই বৈশিষ্ট্য এণ্ড্ৰইডৰ বিটা সংস্কৰণ ২.২৫.২১.১২ ত দেখা গৈছে। বৰ্তমান এই বৈশিষ্ট্য বিকাশৰ পৰ্যায়ত আছে। অতি সোনকালে ইয়াৰ মেটা প্লেটফৰ্মৰ মেছেজিং এপত ইয়াক যোগ কৰিব পৰা যাব।
এই সুবিধা অনুসৰি ব্যৱহাৰকাৰীয়ে একেলগে ৫টা নপঢ়া মেছেজ নিজে নিৰ্বাচন কৰিব পাৰিব। এই বৈশিষ্ট্যই ব্যৱহাৰকাৰীক সেই সকলো বাৰ্তাৰ বিশদ সাৰাংশ দেখুৱাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















