আজাৰবাইজানৰ পৰা অহা এগৰাকী ২০ বছৰীয়া যুৱতীক দলবদ্ধ ধ*ৰ্ষণ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই গোচৰত মূল অভিযুক্তক জামিন দিয়াৰ বিনময়ত ন্যায়াধীশৰ বিৰুদ্ধেও উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কেৱল এয়াই নহয় গোচৰটোৰ পৰা ভুক্তভোগী আজাৰবাইজানৰ যুৱতীগৰাকীক নাম প্ৰত্যাহাৰ কৰাৰ বাবেও অভিযুক্তৰ ফালৰ পৰা হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপিত হৈছে। যাৰ বাবদ অভিযুক্তৰ তৰফৰ পৰা ২ কোটি পাকিস্তানী টকাও দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলি অভিযোগ উঠিছে। এই লজ্জাজনক ঘটনা সংঘটিত হৈছে পাকিস্তানৰ পাঞ্জাব প্ৰদেশত। ন্যায়ধীশ আৰু অভিযুক্তৰ বিৰুদ্ধে উৎকোচ দিয়া-লোৱাৰ অভিযোগ উত্থাপন কৰিছে পাঞ্জাব প্ৰদেশৰ মুখ্যমন্ত্ৰী খোদ মৰিয়াম নৱাজে।
মুখ্যমন্ত্ৰী মৰিয়াম নৱাজে স্পষ্ট কৰি দিছে যে ধন-সম্পত্তি বা ক্ষমতাৰ জৰিয়তে কোনো অভিযুক্তই আইনৰ পৰা হাত সাৰিব নোৱাৰিব। এই ঘটনাই পাকিস্তানৰ ন্যায় ব্যৱস্থা, মহিলাৰ সুৰক্ষা আৰু ধৰ্ষ*ণৰ বলি হোৱা লোকসকলৰ ওপৰত আৰ্থিক হেঁচা প্ৰয়োগৰ বিষয়টোক পুনৰ চৰ্চালৈ আনিছে।
কেনেকৈ সংঘটিত হৈছিল ঘটনাটো?
আৰক্ষীৰ তথ্য অনুসৰি, আজাৰবাইজানৰ ৰাজধানী বাকুৰ বাসিন্দা ২০ বছৰীয়া যুৱতীগৰাকী ব্যৱসায়ৰ কামত চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ মাজভাগত পাকিস্তানলৈ আহিছিল। অভিযোগ অনুসৰি, ২৫ ছেপ্টেম্বৰত দুগৰাকী মহিলাই তেওঁক লাহোৰৰ ডিফেন্স হাউছিং অথৰিটি (ডিএইচএ) অঞ্চলৰ এখন কেফেলৈ লৈ যায়। তাত পিছত তিনিজন পুৰুষ আহি তেওঁলোকৰ সৈতে যোগ দিয়ে। ভুক্তভোগী যুৱতীগৰাকীৰ অভিযোগ অনুসৰি, পিছত লোককেইজনে তেওঁক আৰু আন দুগৰাকী মহিলাক গন্তব্যস্থানত থৈ অহাৰ প্ৰস্তাৱ দিয়ে। কিন্তু তাৰ পৰিৱৰ্তে আজাৰবাইজানৰ যুৱতীগৰাকীক এটা ফ্লেটলৈ লৈ যোৱা হয়। আৰক্ষীৰ অভিযোগ অনুসৰি, ফ্লেটটোত মদ্যপান কৰাৰ পিছত যুৱতীগৰাকীক দলবদ্ধ ধ*ৰ্ষণ কৰা হয়। এই ঘটনাৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। এই গোচৰত দুজন পুৰুষ আৰু দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু মূল অভিযুক্ত বুলি চিনাক্ত কৰা আহমেদ তনবীৰ জামিনত মুকলি হয়।
২ কোটি টকা দি অভিযোগ প্ৰত্যাহাৰৰ প্ৰস্তাৱ
এই গোচৰটোৱে অধিক গুৰুত্ব লাভ কৰে যেতিয়া ভুক্তভোগী যুৱতীগৰাকীক ধন দি অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হয়। পাঞ্জাবৰ মুখ্যমন্ত্ৰী মৰিয়াম নৱাজৰ অভিযোগ অনুসৰি, মূল অভিযুক্ত আহমেদ তনবীৰৰ ধনী পৰিয়ালে যুৱতীগৰাকীক গোচৰটোৰ পৰা আঁতৰি থাকিবলৈ প্ৰায় ২ কোটি পাকিস্তানী টকা আগবঢ়োৱাৰ প্ৰস্তাৱ দিছিল। এই ধনৰ পৰিমাণ প্ৰায় ৭২ হাজাৰ আমেৰিকান ডলাৰৰ সমান। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে কয় যে কেৱল ধন-সম্পত্তি থকাৰ বাবেই কোনো ধ*ৰ্ষণৰ অভিযুক্তই আইনৰ পৰা হাত সাৰিব নোৱাৰে। তেওঁ লগতে অভিযোগ কৰে যে অভিযুক্তক জামিন দিয়াৰ ক্ষেত্ৰত সংশ্লিষ্ট ন্যায়াধীশৰ বিৰুদ্ধেও উৎকোচ লোৱাৰ অভিযোগ উঠিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















