কেতিয়াবা কেতিয়াবা গ্ৰহসমূহে বিশেষ যোগ তৈয়াৰ কৰে৷ ইয়াৰ শুভ অশুভ প্ৰভাৱ পৰে শুভ অশুভ প্রভাৱ পৰে ১২ ৰাশিৰ ওপৰত৷ জ্যোতিষশাস্ত্ৰত যিকোনো গ্ৰহৰ ৰাশি নক্ষত্ৰ পৰিবৰ্তনো অত্যন্ত গুৰুত্বপূৰ্ণ৷ শীঘ্ৰেই সূৰ্যৰ অৱস্থান পৰিবৰ্তনে তিনি ৰাশিৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাব৷
জ্যোতিষশাস্ত্ৰত সূৰ্যৰ গুৰুত্ব অপৰিসীম৷ সৌৰজগতৰ ৰজা সূৰ্যৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত পৰিব৷ ৯টা গ্ৰহৰ মাজত সূৰ্যই ১২ বাৰ ৰাশি পৰিবৰ্তন কৰে৷ প্ৰতিটো ৰাশিত মোটামুটি এমাহ অৱস্থান কৰে সূৰ্যই৷ সেই হিচাপে ১২ ৰাশি চক্ৰক এবাৰ প্ৰদক্ষিণ কৰি আহিবলৈ সূৰ্যৰ ১২ মাহ সময় লাগে৷
আগন্তুক ১৭ আগষ্টত সূৰ্যৰ ৰাশিচক্ৰৰ পৰিবৰ্তন ঘটিব৷ সিংহ ৰাশিলৈ গমন কৰিব গ্ৰহৰ ৰজাই৷ ১৭ ছেপ্টেম্বৰ পৰ্যন্ত সূৰ্য সিংহ ৰাশিতেই থাকিব৷ সিংহ ৰাশিৰ অধিপতি হৈছে সূৰ্য৷ সিংহ ৰাশি এটা স্থিতিশীল ৰাশি, যিয়ে আত্মবিশ্বাস, নেতৃত্ব, সৃজনশীলতা আৰু প্ৰতিপত্তিক প্ৰতিনিধিত্ব কৰে৷ নিজৰ ঘৰত প্ৰৱেশ কৰি কেইবাগুণো শক্তি বাঢ়িব গ্ৰহৰাজৰ৷ সূৰ্যৰ ৰাশি পৰিবৰ্তনে কিছু ৰাশিলৈ দুৰ্ভাগ্য কঢ়িয়াই আনিব পাৰে৷ কোন কোন ৰাশি সতৰ্ক নহলে বিপদত পৰিব?
কন্যা ৰাশি
সূৰ্যৰ প্ৰভাৱত কন্যা ৰাশিৰ দুঃসময় আহিব৷ এই সময়ত খং নিয়ন্ত্ৰণ কৰক৷ অন্যথা বিবাদত সোমাই পৰিব পাৰে৷ হঠাৎ কাকোৱেই দ্ৰুতভাৱে বিশ্বাস নকৰিব৷ আৰ্থিক সংকটত সোমাই পৰাৰ আশংকা আছে৷ খাদ্যভাষ ঠিক নাৰাখিলে ৰোগত ভূগিব পাৰে৷ খুব কাষৰ কোনো ব্যক্তিয়ে বিশ্বাসঘাতকতা কৰিব পাৰে৷ জীৱনৰ প্ৰতিটো পদত সতৰ্ক থাকক৷ আত্মবিশ্বাস দুৰ্বল থাকিব৷ কোনো ষড়যন্ত্ৰত মান সন্মানত আঘাত লাগিব পাৰে৷
মকৰ ৰাশি
গ্ৰহৰাজৰ ঘৰ সলনি কৰাত পদে পদে চেলেঞ্জৰ মুখামুখি হব মকৰ ৰাশিৰ জাতক জাতিকা৷ অসাবধান হলে অৰ্থ হেৰুৱাব পাৰে৷ অফিচত গুৰুত্বপূৰ্ণ দায়িত্ব হেৰোৱাৰ ভয় আছে৷ কামত মনসংযোগত ব্যাঘাত ঘটিব পাৰে৷ সামান্য কাৰণতে কৰ্মক্ষেত্ৰত জটিলতা বাঢ়িব পাৰে৷ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক৷ দীৰ্ঘস্থায়ী ৰোগত ভুগিব পাৰে৷ পেটৰ সমস্যাত ভুগিব পাৰে৷ বুজি শুনি ব্যৱসায়িক সিদ্ধান্ত লওক৷
কুম্ভ ৰাশি
সূৰ্যৰ অশুভ প্ৰভাৱত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ ভয়ংকৰ বিপদ আহিব পাৰে৷ নানান ঝামেলাত সোমাই পৰিব পাৰে কুম্ভ ৰাশিৰ লোক৷ সংগীৰ সৈতে মতবিৰোধ হব পাৰে৷ সম্পৰ্কত ফাঁট মেলিব পাৰে৷ বিবাহ ভঙাৰো আশংকা আছে৷ সংগীৰ সৈতে ভাৱিচিন্তি কথা পাতক৷ মুখৰ কথাৰ বাবে আফচোচ হব পাৰে৷ হাড়ৰ বিষ আৰু ছালৰ সমস্যাত ভুগিব পাৰে৷ মানসিক চাপ বাঢ়িব৷ দুৰ্ঘটনাৰ আশংকা আছে৷ নিজৰ বাহন চলাওঁতে সাবধান হওক৷ চৰকাৰী কাম ৰৈ যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















