আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা৷ নিশাৰ আকাশত দেখা যাব এক বিৰল মহাজাগতিক দৃশ্য৷ সেইদিনাই পূৰ্ণগ্ৰাস গ্ৰহণৰ কৱলত পৰিব চন্দ্ৰ৷ ভাৰতৰ পৰা সেই দৃশ্য প্ৰত্যক্ষ কৰা যাব৷ ২০২৫ত দুটা সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ হ’ব৷ তাৰ মাজত একমাত্ৰ এই গ্ৰহণেই ভাৰতৰ পৰা দেখা যাব৷ গ্ৰহণৰ সময়ত নিশাৰ আকাশত চকু ৰাখিলেই আপুনি দেখিবলৈ পাব ৰক্তবৰ্ণৰ চন্দ্ৰ৷
চন্দ্ৰগ্ৰহণৰ তাৰিখ আৰু সময়
আগন্তুক ৭ ছেপ্টেম্বৰত হ’ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ৷ মোটামুটি দেশৰ সকলো স্থানৰ পৰাই গ্ৰহণ দেখা যাব৷ চন্দ্ৰগ্ৰহণ লাগিব নিশা ৯ বাজি ৫৭ মিনিটত আৰু গ্ৰহণ শেষ হব নিশা ১ বাজি ২৬ মিনিটত৷ গ্ৰহণ চাবৰ বাবে সকলোতকৈ ভাল সময় হৈছে নিশা ১১ বজাৰ পৰা নিশা ১২বাজি ২২ মিনিট পৰ্যন্ত৷ এই সময়ৰ ভিতৰত খালী চকুৰেি দেখা পাব চন্দ্ৰৰ গাত গ্ৰহণৰ ছায়া৷
ক’ৰ পৰা দেখা যাব গ্ৰহণ?
৭ ছেপ্টেম্বৰ চন্দ্ৰগ্ৰহণৰ সময়ত ৰঙা চন্দ্ৰ দেখা যাব৷ দেশৰ প্ৰায় বেছিভাগ স্থানৰ পৰাই গ্ৰহণ প্ৰত্যক্ষ কৰিব পাৰিব৷ আকাশত মেঘ, ধোঁৱা আৰু প্ৰদূষণৰ ওপৰত নিৰ্ভৰ কৰিব কিমান স্পষ্টভাৱে আপুনি গ্ৰহণ দেখা পাব৷ যিসমূহ স্থানত প্ৰদূষণৰ ধূলি বা ধোঁৱা কম সেই স্থানৰ পৰা স্পষ্টভাৱে দেখা যাব গ্ৰহণ৷ সূৰ্যগ্ৰহণৰ দৰে চন্দ্ৰগ্ৰহণ চাবলৈ বিশেষ চছমাৰো প্ৰয়োজন নহয়৷
গ্ৰহণৰ সূতক কাল
হিন্দুধৰ্মত চন্দ্ৰগ্ৰহণৰ বিশেষ গুৰুত্ব আছে৷ গ্ৰহণৰ ৯ ঘণ্টা পূৰ্বেই সূতক কাল আৰম্ভ হয়৷ এই সময়ত কোনো শুভ কাম কৰা নহয়৷ মন্দিৰৰ দুৱাৰো বন্ধ ৰাখে৷ এই সময়ত পূজা নকৰিবলৈ শাস্ত্ৰত নিৰ্দেশ কৰা হৈছে৷ আনকি সূতক কাল চলি থকাৰ সময়ত খাদ্যগ্ৰহণৰ ওপৰতো নিষেধাজ্ঞা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















