বৈদিক জ্যোতিষত যি নৱগ্ৰহৰ বিষয়ে উল্লেখ আছে তাৰমাজত সকলোতকৈ কম সময়ৰ ভিতৰত নিজৰ স্থান পৰিবৰ্তন কৰে চন্দ্ৰই৷ চন্দ্ৰই আমাৰ মনৰ ওপৰত প্রভাৱ বিস্তাৰ কৰে৷ ছেপ্টেম্বৰ মাহত হব এই বছৰৰ শেষ চন্দ্ৰগ্ৰহণ৷ কুম্ভ ৰাশিত ৰাহুৰ সৈতে একত্ৰ অৱস্থান কৰি গ্ৰহণ যোগ গঠিত কৰিব চন্দ্ৰই৷ আগন্তুক ৭ ছেপ্টেম্বৰত হব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ৷ আৰু তাৰ পূৰ্বে ৬ ছেপ্টেম্বৰত গঠিত হব গ্ৰহণ যোগ৷ তিনিজজিন এই অশুভ যোগ স্থায়ী হব আৰু গ্ৰহণ যোগৰ ক্ষতিকৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত লক্ষ্য কৰা যাব৷ ১৫ দিন ধৰি থাকিব এই প্ৰভাৱ৷ জানি থওক চন্দ্ৰ আৰু ৰাহুৰ অশুভ যোগৰ ফলত সমস্যাত পৰিব কোন কোন ৰাশিৰ জাতক?
কৰ্কট ৰাশি
চন্দ্ৰ আৰু ৰাহুৰ অশুভ গ্ৰহণ যোগৰ প্ৰভাৱত দুৰ্গাপূজাৰ পূৰ্বেই ডাঙৰ বিপদে অপেক্ষা কৰিছে কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপোনাৰ মনত নানান কাৰণত অশান্তি থাকিব৷ পৰিয়ালত কাজিয়া থাকিব পাৰে৷ শৰীৰ বেয়া হোৱাৰো যোগ আছে৷ ধৈৰ্য্য নেহেৰুৱাব৷
তুলা ৰাশি
গ্ৰহণ যোগৰ প্ৰভাৱত নানান ক্ষতিৰ মুখত পৰিব পাৰে তুলা ৰাশিৰ জাতক৷ গোপন শত্ৰুৱে আপোনাক ক্ষতিৰ চেষ্টা কৰিব পাৰে৷ যি কাম আগুৱাইছিল সেই কাম হঠাৎ থমকি ৰ’ব পাৰে৷ আৰ্থিক সংকটৰ মুখত পৰাৰো আশংকা আছে৷ এই সময়ত কেৰিয়াৰত উঠা নমা থাকিব৷
সিংহ ৰাশি
৬ ছেপ্টেম্বৰৰ পৰা এই সময় মুঠেও ভাল নহয় সিংহ ৰাশিৰ জাতকৰ বাবে৷ চন্দ্ৰ আৰু ৰাহুৰ যুঁটিত অসুখ বিসুখত ভূগিব পাৰে৷ কেৰিয়াৰতো এটাৰ পাছত আনটো চেলেঞ্জৰ মুখত পৰিব৷ ব্যৱসায়ত আৰ্থিক ক্ষতি হব পাৰে৷ সকলো কাম ভাৱিচিন্তি কৰিলে ভাল৷ বাহন চলোৱাৰ সময়ত সাবধান হব অন্যথা দুৰ্ঘটনাৰ আশংকা আছে৷
মীন ৰাশি
গ্ৰহণ যোগ মুঠেও সুখৰ নহয় মীন ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপুনি খৰচ ৰখাব নোৱাৰিব৷ ৬ৰ পৰা ৯ ছেপ্টেম্বৰৰ ভিতৰত কোনো ডাঙৰ চুক্তি কৰিলে বিফল হব৷ এই সময়ত বিনিয়োগ নকৰাই ভাল৷ কৰোবালৈ যাত্ৰা কৰাৰ পৰিকল্পনা থাকিলে সেয়া বাতিল হব৷ ভ্ৰমণত গৈ বিপদত পৰিব পাৰে৷ শৰীৰ বেয়া হোৱাৰো যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















