নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদত মোটা ৰিটাৰ্ণ পোৱা যায়৷ এই কথা কৈছে বিনিয়োগ বিশেষজ্ঞই৷ যদি কোনোৱে নিয়মিত বিনিয়োগৰ মাধ্যমেৰে অলপ টকা বিনিয়োগ কৰিও ডাঙৰ তহবিল তৈয়াৰ কৰিব পাৰি৷ বৰ্তমান সময়ত এছ আই পিত ভাল বিকল্প৷
এছ আই পিৰ মাধ্যমেৰে মিউচুৱেল ফাণ্ডত বিনিয়োগ বাঢ়িছে৷ বৰ্তমান সময়ত SIP বিনিয়োগৰ এক জনপ্ৰিয় মাধ্যম৷ বহুতেই এতিয়া প্ৰতিমাহে SIPত বিনিয়োগ কৰিব ধৰিছে৷ মিউচুৱেল ফাণ্ড বজাৰৰ সৈতে যুক্ত, সেয়ে নিশ্চিত ৰিটাৰ্ণ আশা কৰিব নোৱাৰি৷ বিগত কেইবাবছৰৰ পৰিসংখ্যা অনুসৰি SIPত গড়ে ১২ শতাংশ ৰিটাৰ্ণ পাইছে বিনিয়োগকাৰীয়ে৷
অধিকাংশ ইকুইটি ফাণ্ডত ২০২৩ চনৰ ৰিটাৰ্ণ ৫০শতাংশতকৈ বেছি আছিল৷ ভৱিষ্যতে একেই হাৰত ৰিটাৰ্ণ পোৱা যাব সেয়া স্পষ্টকৈ ক’ব নোৱাৰি৷ কিন্তু বিগত কেইবাবছৰ ধৰি বহু মিউছুৱেল ফাণ্ডত ৪০শতাংশতকৈ বেছি ৰিটাৰ্ণ দিছে৷ আপুনি মাত্ৰ ৫০০ টকাৰেই এছ আই পি আৰম্ভ কৰিব পাৰে৷ ইয়াৰোপৰি বিনিয়োগ কৰি গলে ২৫ বছৰত কোটি টকাৰ ৰিটাৰ্ণ পাব পাৰে৷ বেছিভাগ মিউচুৱেল ফাণ্ডত নূন্যতম ৫০০ টকা দিয়েই বিনিয়োগ আৰম্ভ কৰিব পাৰে৷ বিনিয়োগৰ পৰিমাণ বঢ়োৱাও সম্ভৱ৷ জানি থওক SIPত প্ৰতিমাহে ৫০০০ টকাকৈ জমা কৰিলে ২০ বছৰত কিমান ৰিটাৰ্ণ পোৱা যাব?
যিসকলে দীৰ্ঘ সময়ৰ বাবে বিনিয়োগৰ কোনো বিকল্পৰ সন্ধান কৰে তেওঁলোকৰ বাবে এছ আই পি এক উৎকৃষ্ট বিকল্প হব পাৰে৷ মিউচুৱেল ফাণ্ডৰ এছ আই পিত শ্বেয়াৰ বজাৰৰ আকৰ্ষক ৰিটাৰ্ণৰ সৈতে চক্ৰবৃদ্ধি সুদৰো সুবিধা পোৱা যায়৷ জানি থওক এছ আই পিত প্ৰতিমাহে ৫০০০ টকাকৈ জমা কৰিলে ২০ বছৰত কিমান টকা ৰিটাৰ্ণ পোৱা যাব?
যদি মিউছুৱেল ফাণ্ডৰ SIPত প্ৰতি বছৰে ১২ শতাংশ হাৰত সুদ পোৱা যায় তেন্তে ২০ বছৰত ৪৫, ৯৯, ২৮৭ টকাৰ ফাণ্ড গঢ়ি তুলিব পাৰে৷ ইয়াত ২০ বছৰত মুঠ বিনিয়োগ হব ১২,০০,০০০ টকা আৰু সুদ হিচাপে পোৱা যাব মুঠ ৩৩,৯৯,২৮৭ টকা৷ মিউচুৱেল ফাণ্ডৰ এছ আই পিত যদি প্ৰতি বছৰে ১৫শতাংশ হাৰত সুদ পোৱা যায় তেতিয়া ২০ বছৰত ৬৬,৩৫,৩৬৭ টকাৰ ফাণ্ড গঢ়ি তুলিব পাৰে৷ ইয়াত সুদ হিচাপেই পোৱা যাব মুঠ ৬৮,৩৫,৩৬৭ টকা৷ মিউচুৱেল ফাণ্ডৰ এছ আই পিত শ্বেয়াৰ দীৰ্ঘ সময়ৰ বাবে ধন ৰাখিলে ভাল ৰিটাৰ্ণ পোৱা সম্ভৱ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ