জ্যোতিষশাস্ত্ৰ অনুসৰি শনিৰ নিষ্ঠুৰ গ্ৰহ বুলি কোৱা হয়৷ যিয়ে যেনেকৈ কাম কৰে সেইধৰণেই ফল দিয়ে কৰ্মফলদাতাই৷ আৰু শনি ৰুষ্ট হলে জাতকৰ জীৱনলৈ এটাৰ পাছত আনটো বিপৰ্যয় নামি আহে৷ এই বছৰ শনি বৃহস্পতিৰ ৰাশি মীনত গোচৰ কৰিছে৷ ১৩ জুলাইৰ পৰা শনি বক্ৰীদশাত আছে৷ আগন্তুক নৱেম্বৰ মাহত বিপৰীতমুখী চলন এৰি শনি মাৰ্গী হব অৰ্থাৎ চিধা পথেৰে যাত্ৰা আৰম্ভ কৰিব৷
দীপাৱলিৰ পাছতেই মাৰ্গী হব শনি
এই বছৰ দীপাৱলি পালিত হব আগন্তুক ২০ অক্টোবৰত৷ আৰু ইয়াৰ প্ৰায় এমাহ পাছত ২৮ নৱেম্বৰত শনিয়ে মীন ৰাশিত মাৰ্গী হব৷ শনিৰ চিধা পথেৰে যাত্ৰা আৰম্ভ হলে ২০২৭ পৰ্যন্ত ইয়াৰ প্ৰভাৱত লাভৱান হব তিনি ৰাশিৰ জাতক৷ জানি থওক শনিৰ মাৰ্গীদশাত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?
বৃষ ৰাশি
শনিৰ চিধা পথেৰে কৰা গমনত অত্যন্ত শুভ প্ৰভাৱ পৰিব বৃষ ৰাশিৰ জাতকৰ জীৱনত৷ শনিয়ে পথ পৰিবৰ্তন কৰিলে সম্পদ, সন্মান আৰু উচ্চপদ লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ উপাৰ্জন বাঢ়িব, ফলত বেংক বেলেন্স বাঢ়িব পাৰে৷ উপাৰ্জনৰ নতুন পথৰ সন্ধান পাব৷ পাবলগীয়া ধন লাভ কৰিব৷ ব্যৱসায়ীসকলে নতুন চুক্তি স্বাক্ষৰ কৰিব পাৰে৷ চাকৰিয়ালে নতুন প্ৰজেক্টত কাম আৰম্ভ কৰিব পাৰে৷ মনৰ ইচ্ছা পূৰণ হব পাৰে৷ অবিবাহিতসকলৰ বিবাহৰ কথা পাক্কা হব পাৰে৷
মিথুন ৰাশি
শনি মাৰ্গী হলে প্ৰচুৰ লাভ কৰাৰ সুযোগ পাব মিথুন ৰাশিৰ জাতকে৷ প্ৰতি পদক্ষেপতেই ভাগ্যই আপোনাক সংগ দিব৷ যি উন্নতিৰ বাবে আপুনি বহুদিন ধৰি চেষ্টা কৰিছিল সেয়া সম্ভৱ হব পাৰে৷ চাকৰিয়ালে প্ৰমোছন আৰু ইনক্ৰিমেণ্ট পাব পাৰে৷ বিনিয়োগৰ পৰা লাভৱান হব৷ সংসাৰত সুখৰ পৰিবেশ থাকিব৷
কুম্ভ ৰাশি
শনিৰ চিধা পথেৰে কৰা যাত্ৰা নানান দিশৰ পৰা লাভজনক হব কুম্ভ ৰাশিৰ জাতকৰ বাবে৷ শনি হৈছে কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ৷ সেয়ে শনি মাৰ্গী হলে লাভৱান হব কুম্ভ ৰাশিৰ জাতক৷ বৰ্তমান চাৰে সাতিৰ তৃতীয় পৰ্যায় চলিছে কুম্ভ ৰাশিত৷ চাৰে সাতিৰ মাজতো এই ৰাশিৰ জাতকক নানান সুফল দিব শনিয়ে৷ নৱেম্বৰত হঠাৎ কিছু অৰ্থলাভ কৰিব পাৰে৷ কাম ভালেই চলিব৷ আৰামেৰে নিশ্চিন্তে সময় কটাব পাৰিব৷ কিছু গুৰুত্বপূৰ্ণ চুক্তি চূড়ান্ত কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















