এদিন দুদিনৰ বাবে নহয় এই যাত্ৰা ১১ দিনীয়া৷ ১১ দিনত গাত এটা সুঁতা পৰ্যন্ত থাকিব নোৱাৰিব৷ সকলোৱেই নগ্ন হৈ ফুৰিব লাগিব জাহাজত৷ ২৩০০ যাত্ৰীক লৈ সাগৰৰ পানীত ভাহিব বিলাসবহুল জাহাজখন৷ ক্ৰুজ বা বিলাসবহুল জাহাজক লৈ সমুদ্ৰৰে ফুৰিব পৰ্যটক কঢ়িওৱা অন্যতম এই প্ৰমোদতৰীখন৷ অন্যান্য ক্ৰুজৰ দৰে বিনোদন আৰু বিলাসিতাৰ সমস্ত উপকৰণ ইয়াত মজুত আছে৷ ইয়াৰ বিশেষত্ব হৈছে যাত্ৰীয়ে কোনোধৰণৰ পোছাক অবিহনেই সমগ্ৰ ভ্ৰমণ উপভোগ কৰিব লাগিব৷
সমুদ্ৰপথেৰে ক্ৰুজ-ভ্ৰমণ ইউৰোপ আৰু লেটিন আমেৰিকাৰ বহু দেশত জনপ্ৰিয়৷ কেৰিবিয়ান, বাহামা, মায়ামি আৰু মেক্সিকোৰ সমুদ্ৰত প্ৰতি বছৰে লাখ লাখ পৰ্যটকে ক্ৰুজ যাত্ৰা কৰে৷ সাধাৰণ জাহাজত কৰা ভ্ৰমণৰ তুলনাত ক্ৰুজ ভ্ৰমণ বহু বেছি বিলাসিতাপূৰ্ণ৷ বিলাসবহুল হোটেলৰ দৰে সকলো সুবিধা ইয়াত উপলব্ধ৷
নগ্নতা শব্দটিক বহুতেই নিষিদ্ধ বুলিয়েই ভাৱে৷ আৰু সেই নিষিদ্ধ বুলি ভৱা বিষয়টোক স্বাভাৱিক কৰাৰ বাবেই মূলত এই সমুদ্ৰযাত্ৰাৰ আয়োজন৷ সমগ্ৰ বিশ্বৰ সন্মুখত বিশেষ বাৰ্তা দাঙি ধৰিবলৈ বিশেষ নগ্ন ক্ৰুজ যাত্ৰা চলাইছে ভ্ৰমণ সংস্থা বেয়াৰ নেছেচিটিছে৷ নৰৱেজীয় পাৰ্ল ক্ৰুজত ‘দ্যা বিগ ন্যুড বোট’ নামেৰে সামুদ্ৰিক ভ্ৰমণৰ আয়োজন কৰি আহিছে সংস্থাটোৱে৷
এই ভ্ৰমণৰ উদ্দেশ্যই হৈছে নগ্নতা আৰু যৌনতা যে সমাৰ্থক নহয় তাৰ প্ৰচাৰ কৰা৷ মানুহৰ নগ্নতাৰ সৈতে যৌনতা আৰু লজ্জাৰ ধাৰণা ভিত্তিহীন৷ নগ্নতাক স্বাভাৱিক আৰু ইতিবাচকভাৱে গ্ৰহণ কৰাৰ বাৰ্তা দিবলৈকে এই উদ্যোগৰ আয়োজন কৰা হৈছে বুলি দাবী কৰে বেয়াৰ নেছেচিটিছে৷ প্ৰত্যেক বছৰেই ফেব্ৰুৱাৰী মাহত সমুদ্ৰত ভাহে বিলাসবহুল জাহাজখন৷
‘১৯৯০চনৰ পৰা আমি সামাজিক নগ্নতাৰ বিৰুদ্ধে বাধা ভাঙি ওলাই অহাৰ বাবে কাম কৰি আহিছো৷ সামাজিক নগ্নতা আৰু যৌন কাৰ্যকলাপ সমাৰ্থক নহয়৷ আমি এই ভুল ধাৰণা দূৰ কৰাৰ চেষ্টা কৰো৷ নগ্নতা স্বাভাৱিক বিষয় আৰু সৌন্দৰ্যৰ প্ৰতীক৷’ এটা বিবৃত্তিযোগে তেওঁলোকে এই কথা প্ৰকাশ কৰিছে৷ ২০২৬ চনত প্ৰেমৰ মাহত কেইবাহাজাৰ যাত্ৰীক লৈ আমেৰিকাৰ মায়ামিৰ উপকূলৰ পৰা ভাহিব নৰৱেজীয় পাৰ্ল ক্ৰুজখন৷ ৯ৰ পৰা ২০ ফেব্ৰুৱাৰী পৰ্যন্ত বিভিন্ন দ্বীপত ঘূৰে এই বিলাসবহুল প্ৰমোদতৰীখন৷ কেৰিবিয়ান জুৰি ১১ দিনৰ যাত্ৰা এই ক্ৰুজৰ৷ জাহাজৰ বিলাসিতাত ১১ দিন কটোৱাৰ ওপৰিও মনোমুগ্ধকৰ কেৰিবিয়াল দ্বীপসমূহৰ সৌন্দৰ্যও দেখুওৱা হয়৷
মাৰ্টিনিক আৰু চেণ্ট লুছিয়াৰ দৰে দ্বীপৰ কাষে কাষে ভ্ৰমণ কৰাৰ ওপৰিও এবিছি দ্বীপপুঞ্জ, জামাইকাৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যত নিজকে বিলীন কৰিব পাৰে নাৰী পুৰুষ সকলোৱেই৷ ইয়াৰোপৰি নৰৱেজীয় ক্ৰুজ লাইনৰ মালিকানাধীন দ্বীপ গ্ৰেট ষ্টিৰাপকত দুবাৰ ৰয় এই জাহাজখন৷ তাতেই নগ্ন হৈ সমগ্ৰ দ্বীপত নিজৰ মতে সময় উপভোগ কৰিব পাৰে যাত্ৰীয়ে৷
৯৬৮ ফুট দৈৰ্ঘ্যৰ এই পাৰ্ল ক্ৰুজখন যেন এক ভাছমান ৰিচৰ্ট৷ ইয়াত ১৬ খন ৰেষ্টুৰেণ্ট, ১৪ খন বাৰ, বোওলিং লেন, এখন কেছিনো, এখন স্পা আৰু বিলাসবহুল ভিলা আছে৷ ফৰাছি ডাইনিং, ব্ৰাজিলীয় বাৰবিকিউ, অথৱা ২৪ ঘণ্টাৰ বাবে খোলা বাৰ্গাৰ জয়েণ্ট, সকলো মজুত থাকে যাতে যাত্ৰীসকলৰ খোৱাবোৱাত কোনো সমস্যা নহয়৷
আছে পানীয়ৰ ব্যৱস্থাও৷ জাহাজত পৃথককৈ ৰখা হৈছে হুইস্কি লাউঞ্জো৷ সমুদ্ৰযাত্ৰাৰ একঘেয়ামীয়তা দূৰ কৰিবলৈ যাত্ৰীয়ে স্পাও ল’ব পাৰে৷ শুল্কমুক্ত ক্ৰয় বিক্ৰয় কৰিব খুজিলেও সেই উপায় আছে জাহাজত৷ নিশা পাৰ্টিৰ পৰা দিনত ৱাৰ্কশ্বপ, সমস্ত কিছু উপভোগ কৰাৰ উপকৰণ মজুত থাকিব প্ৰমোদতৰীত৷
নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদনত কোৱা হৈছে বিলাসিতা আৰু কেবিনৰ বিভিন্ন সুযোগ সুবিধাৰ ওপৰত নিৰ্ভৰ কৰি টিকটৰ দাম ৪৩ লাখ টকা পৰ্যন্ত হ’ব পাৰে৷ প্ৰতিটো কেবিনত দুজন যাত্ৰী থকাৰ ব্যৱস্থা আছে৷ কোনোৱে বিচাৰিলে অকলেই এটা কেবিন ভাড়া ল’ব পাৰে৷ আকৌ কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষেহে অপৰিচিত যাত্ৰীৰ সৈতে কেবিন ভগাই লবও পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















