অৱশেষত লঞ্চ কৰা হ’ল বহু প্ৰতীক্ষিত আইফোন ১৭ ছিৰিজ৷ মঙলবাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়াৰ কুপাৰ্টিনোটত অৱস্থিত এপল পাৰ্কত আয়োজিত এওৱে ড্ৰপিং ইভেণ্টত আনুষ্ঠানিকভাৱে লঞ্চ কৰা হয় নতুন ফ্লেগছিপ স্মাৰ্ট ফোনৰ মডেলসমূহ৷ কেৱল ষ্টেণ্ডাৰ্ড আইফোন ১৭য়েই নহয় আৰু তিনিটা মডেল বজাৰলৈ আনিছে টেক জয়েণ্ট এপল আইফোন ১৭ এ আই আৰ, আইফোন ১৭ প্ৰ আৰু আইফোন ১৭ প্ৰ মেক্স৷
প্ৰত্যাশা কৰা ধৰণেই নতুন আইফোন ১৭ প্ৰ চিৰিজৰ পাৰফৰমেন্সৰ বাবে এ ১৯ প্ৰ চিপ ব্যৱহাৰ কৰা হৈছে৷ আৰু উভয় ডিভাইছ আই অ এছ ২৬ অপাৰেটিং চিষ্টেমৰ দ্বাৰা চালিত৷ আইফোন ১৬ প্ৰ চিৰিজৰ উত্তৰসূৰী হিচাপে অনা নতুন দুই স্মাৰ্টফোনত পোৱা যাব আধুনিক কুলিং চিষ্টেম আৰু এপল ইণ্টেলিজেন্স চাপৰ্ট৷
আইফোন ১৭ প্ৰ আৰু আইফোন ১৭ প্ৰ মেক্সৰ দাম আৰু ষ্টৰেজ ভেৰিয়েণ্ট
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আইফোন ১৭ প্ৰৰ ২৫৬ জি বি ষ্টোৰেজসহ কেইবাটাও ভেৰিয়েণ্টৰ মূল্য ধাৰ্য কৰা হৈছে ১০৯৯ ডলাৰ অৰ্থাৎ প্ৰায় ৯৬,৯০০ টকা৷ আকৌ আইফোন ১৭ প্ৰ মেক্সৰ দাম হ’ব ১১৯৯ ডলাৰ অৰ্থাৎ ভাৰতীয় মুল্যত প্ৰায় ১৫০০০০ টকা৷ উভয় মডেলতেই ২৫৬ জিবি ষ্টোৰেজ ভেৰিয়েণ্টো পোৱা যাব৷ ভাৰতত আইফোন ১৭ প্ৰৰ দাম আৰম্ভ হৈছে ১,৩৪,৯০০ টকাৰ পৰা৷ আৰু আইফোন ১৭ প্ৰ মেক্স ক্ৰয় কৰিবলৈ নূন্যতম ১,৪৯,৯০০ টকা খৰচ কৰিব লাগিব৷ এইসমূহ কছমিক অৰেঞ্জ, ডিপ ব্লু আৰু ছিলভাৰ কালাৰ অপছনত পোৱা যাব৷ আইফোন ১৭ প্ৰ মডেলসমূহ আগন্তুক ১২ ছেপ্টেম্বৰৰ পৰা প্ৰি অৰ্ডাৰ কৰিব পাৰিব৷ আৰু এই স্মাৰ্টফোনসমূহ বিশ্বব্যাপী বিক্ৰি হ’ব ১৯ ছেপ্টেম্বৰৰ পৰা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















