২৩ ছেপ্টেম্বৰ মঙলবাৰ দেৱীপক্ষৰ মাজতেই ৰাহুৰ ঘৰত প্ৰৱেশ কৰিব মঙলে৷ ২৩ ছেপ্টেম্বৰৰ নিশা ৯ বাজি ৮ মিনিটত স্বাতী নক্ষত্ৰত প্ৰৱেশ কৰিব ৰঙা গ্ৰহ মঙলে৷ স্বাতী নক্ষত্ৰৰ অধিপতি ছায়াগ্ৰহ ৰাহু৷ ৰাহুৰ ঘৰত মঙলৰ গোচৰৰ প্ৰভাৱ দুৰ্গাপূজাৰ ঠিক পূৰ্বে বিশেষ উল্লেখযোগ্য হব৷ জ্যোতিষ অনুসৰি মঙল হৈছে সাহস, ৰক্তপাত আৰু শক্তিৰ কাৰক গ্ৰহ৷ মঙলৰ গোচৰৰ প্ৰভাৱত পূজাৰ সময়তেই দুৰ্দান্ত সৌভাগ্য লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷ জানি থওক ৰঙাগ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?
সিংহ ৰাশি
মঙলৰ প্ৰভাৱত সকলো কামতেই জয়ী হব সিংহ ৰাশিৰ জাতক৷ এই সময়ত আপুনি যি কোনো কামত নিজৰ মন লগাব৷ সমাজত আপোনাৰ ভাৱমূৰ্তি উজ্জ্বল হব৷ আৰ্থিক ভাৱে উন্নতি কৰিব৷ পৰিয়ালত সকলোৰে সৈতে ভাল সময় কটাব৷ আত্মবিশ্বাস বাঢ়িব৷ ৰৈ থকা প্ৰজেক্টৰ কাম নতুনকৈ আৰম্ভ কৰিব পাৰে৷ বহু দিনীয়া ইচ্ছা পূৰণ হব পাৰে৷
কন্যা ৰাশি
স্বাতী নক্ষত্ৰত মঙলৰ গোচৰ নানান দিশৰ পৰা লাভৱান হব কন্যা ৰাশিৰ জাতক৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰিব৷ বৃহৎ আৰ্থিক লাভ হোৱাৰো যোগ আছে৷ এই সময়ত আত্মবিশ্বাস তুংগত থাকিব৷ দাম্পত্য জীৱনত থকা অশান্তি দূৰ হব৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ পথত এঢাপ অগ্ৰসৰ হব৷ স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব৷
ধনু ৰাশি
ৰাহুল ঘৰত মঙলৰ প্ৰৱেশৰ ফলত ধনু ৰাশিৰ জাতকৰ জীৱনলৈ নানান পজিটিভ পৰিবৰ্তন আহিব৷ এই সময়ত আপুনি নতুন ঘৰ বা বাহন ক্ৰয় কৰিব পাৰে৷ ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷ প্ৰেম জীৱন ভালে থাকিব৷ অফিচত আপোনাৰ কামৰ প্ৰশংসা পাব৷ সহকৰ্মীসকলে আপোনাক সকলো বিষয়ত সহায় কৰিব৷ সামাজিক মৰ্যাদা বাঢ়িব৷ অতিৰিক্ত উপাৰ্জনৰ সুযোগ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















