‘নুপূৰ বৰাক মই টকা খাবলৈ,দুৰ্নীতি কৰিবলৈ শিক্ষা দিয়া নাছিলোঁ। তাইক যি শাস্তি দিয়ে দিয়ক,তাইক শাস্তি দিয়াটো মই বিচাৰোঁ।’ অৱশেষত নুপূৰ বৰাৰ বিৰুদ্ধে মুখ খুলিলে দুৰ্ভগীয়া পিতৃয়ে। কন্যা ৰাজপত্ৰিত বিষয়া হোৱাৰ পিছতো ভাৰাঘৰত থাকিবলগীয়া হৈছিল পিতৃ৷
সেই পিতৃয়েই কৈছে কন্যাক ভাল মানুহ কৰিব নোৱৰাৰ কথা৷ তেওঁ কয়, নূপুৰক মই দুৰ্নীতি কৰি ধন ঘটিবলৈ শিক্ষা দিয়া নাছিলো৷ দুখ লাগিছে সন্তানক মই ভাল মানুহ কৰিব নোৱাৰিলোঁ৷’ কন্যা নুপূৰ বৰা ACS হোৱাৰ পিছতো ভাৰাঘৰত আছিল পিতৃ৷ এই বিস্ফোৰক ভাষ্য নুপূৰ বৰাৰ পিতৃৰ৷
পিতৃক সাংবাদিকে কন্যা সন্দৰ্ভত কৰা প্ৰশ্নত পিতৃয়ে কৈছে এটাৰ পিছত আনটো দুখৰ কথা৷ কেনেকৈ তেওঁ হেৰুৱালে পত্নীক৷ কেনেকৈ হেৰুৱালে পুত্ৰক৷ কেনেকৈ আজি আকৌ কন্যাৰ বাবে অপমানিতবোধ কৰিব লগা হৈছে পিতৃয়ে৷ তেওঁ কয়, ‘তাইক মই দুৰ্নীতি কৰিবলৈ শিক্ষা দিয়া নাছিলোঁ৷ তাইক কঠোৰ শাস্তি দিয়ক৷ তাইৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই৷
তাইক ভাল মানুহ হ’বলৈ শিকাইছিলোঁ৷ পঢ়া-শুনাত তাই ভাল আছিল৷ তাইক যি শাস্তি দিয়ে দিয়ক৷ মোৰ ক’ব লগা একো নাই৷ তাইক শাস্তি দিয়াটো মই বিচাৰোঁ৷ মই কেতিয়াও এনেকুৱা দুৰ্নীতিক সমৰ্থন নকৰোঁ৷’
উল্লেখ কৰা প্ৰয়োজন যে আজি নূপুৰ বৰাৰ গোলাঘাটৰ ঘৰত চলিছে CM ভিজিলেঞ্চৰ অভিযান৷ নুপূৰ বৰাৰ পিতৃৰ গৃহত চলিছে অভিযান৷ পিতৃৰ বাসগৃহৰ পৰা জব্দ কৰা হৈছে দুখনকৈ পাছবুক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















