কাইলৈ পুৱা অসম পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ৷
অনুৰাগীসকলে নিজৰ প্ৰিয় শিল্পীগৰাকীক কাইলৈ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব৷
দেওবাৰে সৰুসজাই ষ্টেডিয়ামত ৰখা হ’ব হাৰ্টথ্ৰৱৰ নশ্বৰ দেহ৷
গুৱাহাটীত প্ৰথম জুবিন গাৰ্গৰ নিজৰ বাসগৃহলৈ অনা হ’ব শৰীৰ৷
জুবিনৰ দেহ ঘৰত ৰখাৰ সময়খিনিত একান্তভাৱে পৰিয়ালটোক নিজৰ মাজত জুবিনক কিছু সময় ৰখাৰ সুযোগ দিয়া হব৷
সেই সময়ত যাতে কোনেও পৰিয়ালটোক আমনি নিদিয়ে তাৰ বাবে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীয়ে৷
মুখ্যমন্ত্ৰীয়ে ইয়াৰোপৰি কয়,
জুবিনৰ ৮৫ বছৰীয়া পিতৃক পুত্ৰৰ সৈতে কিছু নিবিড় সময় কটাবলৈ দিয়ক৷
আমি প্ৰায় এঘণ্টা সময় তেওঁক নিজৰ ঘৰত ৰাখিম৷
সেইখিনি সময়ত কোনেও যাতে প্ৰশাসনক বেয়া নাপায়, তাত আৰক্ষী থাকিব৷
সৰুসজাইৰ ইনডৰ ষ্টেডিয়ামৰ সন্মুখত ৰখা হ’ব জুবিনৰ পাৰ্থিৱ শৰীৰ৷
বৰষুণ হলে ভিতৰত ৰখা হ’ব পাৰ্থিৱ শৰীৰটো৷
হেলিপেডৰ কাষত ৰাইজ ৰ’ব পাৰিব৷
গুৱাহাটীৰ সকলো ভিজুৱেল প্লেটফৰ্মত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দেখুৱাই থকা হ’ব৷
টয়লেট আৰু খোৱাপানীৰ ব্যৱস্থাও সম্পূৰ্ণকৈ দিয়াৰ ব্যৱস্থা কৰা হ’ব৷
সৰুসজাইৰ সন্মুখেৰে গধুৰ যান বাহন চলাচল বন্ধ কৰা হ’ব৷
জুবিনৰ অন্তেষ্টিক্ৰিয়াৰ দিনা সকলো বিদ্যালয় মহাবিদ্যালয় বন্ধ ৰখা হ’ব৷
আজি সন্ধিয়া ৬ বজাত এয়াৰ ইণ্ডিয়াৰ ফ্লাইটেৰে ছিংগাপুৰৰ পৰা অনা হ’ব জুবিনৰ পাৰ্থিৱ শৰীৰ৷
দিল্লীত নিশা পাবহি জুবিনৰ শৰীৰ৷
দিল্লীলৈ পোৱাৰ এঘণ্টাৰ ভিতৰতেই আমি দিল্লীৰ পৰা জুবিনৰ দেহ অসমলৈ আনিম৷
অসমত পুৱতি নিশাও পাবহি পাৰে জুবিনৰ শৰীৰ৷
পুৱতি নিশা পালেও আমি পৰিয়ালৰ লগত থকাৰ ব্যৱস্থা কৰিম জুবিনক৷
আনহাতে তদন্তৰ আওতাত আহিব শ্যাম কানু মহন্ত আৰু সিদ্বাৰ্থ শৰ্মা।
জুবিনৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে৷
জুবিনৰ সৈতে য়টত থকা ১৫ জন অসমীয়াক আটক৷
ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ বাবে আটক কৰাৰ খবৰ৷
অসমতো হ’ব জুবিনৰ মৃত্যুৰ তদন্ত৷
জুবিনৰ মৃত্যুৰ অপৰাধমূলক তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















