যোৰহাটত হ’ব লাগে জুবিন গাৰ্গৰ অন্তেষ্টিক্ৰিয়া৷ সজোৰে সামাজিক মাধ্যমত উত্থাপিত হৈছিল এই দাবী৷ তাৰপিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও বিষয়টো সন্দৰ্ভত নিজা মত ৰাখিছে৷ যদি ৰাইজ আৰু পৰিয়ালৰ লোকে বিচাৰে তেন্তে যোৰহাটতেই হ’ব জুবিনৰ অন্তেষ্টিক্ৰিয়া বুজি জনাইছে মুখ্যমন্ত্ৰীয়েও৷ শেহতীয়াকৈ যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়েও ৰাখিছে নিজা মত৷ তেওঁ সামাজিক মাধ্যমত লিখিছে এনেদৰে-
‘যোৰহটীয়া ৰাইজৰ হৈ…
জনতাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য যোৰহাটত অনুষ্ঠিত কৰাৰ বাবে যোৰহটীয়া ৰাইজে অধীৰ আগ্ৰহেৰে আহ্বান জনাইছে। ৰাইজৰ প্ৰতিনিধিৰূপে আমিও এই আগ্ৰহৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনাই মাননীয় মুখ্যমন্ত্ৰী গৰাকীলৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ। আজি পুৱা যোৰহাটৰ আয়ুক্তৰ লগত যোগাযোগ কৰি দুটা স্থান শেষকৃত্য সম্পন্ন কৰাৰ বাবে বাছনি কৰিছোঁ। অলপ সময়ৰ আগতে মুখ্যমন্ত্ৰী মহোদয়েও যোৰহটীয়া ৰাইজৰ এই প্ৰস্তাবক বিবেচনাৰ কৰাৰ আশ্বাস দিছে। আশা কৰিছোঁ , পৰিয়ালৰ সন্মতি সাপেক্ষে জুবিন গাৰ্গৰ শেষকৃত্য যোৰহাটত সম্পন্ন কৰিবলৈ পালে, আমি বাধিত হ’ম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ