নাই জুবিনৰ আশেপাশে অন্যদিনা ছাঁৰ দৰে লাগি থকা মানুহবোৰ আজি কাষত নাই৷ জুবিনৰ কাষত আজি থিয় দি আছে জুবিনক ভগৱানৰ দৰে জ্ঞান কৰা হাজাৰ হাজাৰ অনুৰাগী৷ মাতৃভূমিত পোৱাৰ লগে লগেই ফুল সিঁচি দিয়া পথেৰে পুষ্পৰথত উঠি আগুৱাইছে জুবিনক কঢ়িয়াই অনা ক’লা কফিন৷ কফিনত আৱদ্ধ আজি সংগীত, কফিনত আৱদ্ধ আজি সেই খেয়ালী জুবিন৷ মই মুক্ত বুলি জুবিন আৰু ওলাই নাহে কফিন ভাঙি৷ অন্যদিনাৰ দৰে আজি জুবিনৰ কাষত নাই তেওঁৰ মেনেজাৰ, নাই বন্ধু শেখৰ৷ হাঁহি হাঁহি একেলগে ওলাই যোৱা এজনো বন্ধু আজি জুবিনৰ কাষত নাই৷ জুবিনে অকলশৰেই ক’লা কফিনত ছিংগাপুৰৰ পৰা দিল্লীলৈ আহিল৷ দিল্লীৰ পৰা পুৰণি বন্ধু পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে মাতৃভূমি অসম পালেহি৷
বৃহস্পতিবাৰৰ নিশালৈকে শেখৰ গোস্বামী, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গৰ সৈতে একেলগে হাঁহি হাঁহি ছিংগাপুৰত সময় কটাইছিল প্ৰিয় শিল্পী জুবিনে৷ কিন্তু ছিংগাপুৰৰ পৰা অকলে উভতি আহিল জুবিন৷ লগত নাহিল তেওঁৰ আশে পাশে থকা এজনো বন্ধু৷ কিন্তু কিয় আহিব নোৱাৰিলে শেখৰ, সন্দীপন, সিদ্ধাৰ্থ?
ছিংগাপুৰ আৰক্ষীয়ে সোধপোছ কৰি তেওঁলোকক এৰি দিছে যদিও প্ৰয়োজনত তেওঁলোকক আকৌ মতা হ’ব বুলিও জনাইছে ছিংগাপুৰ আৰক্ষীয়ে৷ কিন্তু সোধপোছ শেষ হলেও নিৰাপত্তাজনিত কাৰণতেই অসমলৈ বা ভাৰতলৈ আহিব পৰা নাই শেখৰ, সন্দীপন আৰু সিদ্ধাৰ্থ বুলি বহু সূত্ৰই প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















