ৰাজ্য কঁপাই যোৱা ঘনকান্ত গগৈৰ হত্যাকাণ্ডৰ ঘটনাক লৈ পুৱাই বিলাস-ইনত আৰক্ষীৰ বিশেষ তৎপৰতা। ৫জন লোকৰ হত্যাৰ ঘটনাৰ তদন্ত আগুৱাই নিয়াৰ বাবে আজি ঘনকান্ত গগৈক লগত লৈ ক্ৰাইম ছিন ৰিক্ৰিয়েচন কৰে আৰক্ষীয়ে। কটকটীয়া নিৰাপত্তাৰ মাজেৰে ঘনকান্ত গগৈক হোটেল বিলাস-ইনলৈ লৈ যোৱা হয়। ঘটনাস্থলীত ছটা পুতলা ব্যৱহাৰ কৰি সমগ্ৰ ঘটনাৰ হুবহু দৃশ্যায়নৰ ব্যৱস্থা কৰা হয়।
২৬ অক্টোবৰত প্ৰকৃততে কি ঘটিছিল, সেইদিনা ঘনকান্ত গগৈয়ে কেনেদৰে সমগ্ৰ ঘটনাটো সংঘটিত কৰিছিল, সেই সকলোবোৰ আৰক্ষীৰ সন্মুখত দেখুৱাই দিয়ে অভিযুক্তগৰাকীয়ে। আৰক্ষীৰ উপস্থিতিত ছটা পুতলাৰ সহায়ত ঘটনাৰ বিভিন্ন পৰ্যায় পুনৰ নিৰ্মাণ কৰা হয়। ইয়াৰ জৰিয়তে হত্যাকাণ্ডৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য আৰু ঘটনাৰ ক্ৰম জানিবলৈ চেষ্টা চলাইছে তদন্তকাৰী আৰক্ষীয়ে।
জনসমাগমৰ পূৰ্বেই ক্ৰাইম ছিন ৰিক্ৰিয়েচন
ঘটনাস্থলীত যাতে অপ্ৰয়োজনীয় জনসমাগম নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি পুৱাই ক্ৰাইম ছিন ৰিক্ৰিয়েচনৰ ব্যৱস্থা কৰা হয়। কটকটীয়া নিৰাপত্তাৰ মাজত আৰক্ষীয়ে সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ চেষ্টা চলায়। ঘটনাৰ প্ৰতিটো দিশ পৰীক্ষা কৰি প্ৰয়োজনীয় তথ্য-প্ৰমাণ সংগ্ৰহৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
আৰক্ষীৰ জিম্মাৰ ম্যাদ আজি অন্ত পৰিব ঘনকান্তৰ
ইফালে আজি অন্ত পৰিব ঘনকান্ত গগৈৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ। সেয়েহে জিম্মাৰ অন্তিম দিনটোত ঘটনাৰ A to Z তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। ক্ৰাইম ছিন ৰিক্ৰিয়েচনৰ জৰিয়তে ঘটনাৰ সৈতে জড়িত বিভিন্ন দিশৰ সত্যতা পৰীক্ষা কৰাৰ লগতে তদন্তৰ বাবে প্ৰয়োজনীয় তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে আৰক্ষীয়ে।
কাইলৈ আদালতত হাজিৰ হ’ব ঘনকান্ত গগৈ
আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পিছত কাইলৈ ঘনকান্ত গগৈক আদালতত হাজিৰ কৰোৱা হ’ব। এতিয়া আৰক্ষীৰ তদন্তত কি কি নতুন তথ্য পোহৰলৈ আহে আৰু ক্ৰাইম ছিন ৰিক্ৰিয়েচনৰ পৰা কি কি তথ্য লাভ কৰা যায়, সেয়া লক্ষণীয় হ’ব।
পাঁচজন লোকৰ মৃত্যুৰ এই চাঞ্চল্যকৰ ঘটনাৰ প্ৰতিটো দিশ পুংখানুপুংখভাৱে পৰীক্ষা কৰি তদন্ত আগবঢ়াই নিছে আৰক্ষীয়ে। ক্ৰাইম ছিন ৰিক্ৰিয়েচনৰ পিছত তদন্তই কি নতুন মোৰ লয়, তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।
(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















