নৱেম্বৰৰ প্ৰথম সপ্তাহটো জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ২ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ চলিবলগীয়া এই সপ্তাহটোত কেইবাটাও ৰাশিৰ জাতক-জাতিকাৰ জীৱনত ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা আছে বুলি জ্যোতিষীয় পূৰ্বাভাসত উল্লেখ কৰা হৈছে। বিশেষকৈ কৰ্মক্ষেত্ৰ, আৰ্থিক অৱস্থা, প্ৰেম-সম্পৰ্ক আৰু ব্যক্তিগত জীৱনত কিছু নতুন সুযোগৰ ইংগিত পোৱা গৈছে।
খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে চিন্তা-চৰ্চা কৰি আগবঢ়াটো ভাল হ’ব। জানো আহক জ্যোতিষশাস্ত্ৰ অনুসৰি এই সপ্তাহটোত কাৰ কাৰ উদয় হ’ব ভাগ্য!
১২ ৰাশিৰ আজিৰ ভাগ্যফল
মেষ ৰাশি (Aries)
আজিৰ দিনটোত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। অৱশ্যে পৰিয়ালৰ লোকৰ সৈতে কথা-বতৰা পাতোঁতে খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত। আৰ্থিক লেনদেনত সাৱধান হওক।
বৃষ ৰাশি (Taurus)
আজি আপোনাৰ বাবে মিশ্ৰিত ফলদায়ক দিন। কোনো আত্মীয় বা ওচৰ-চুবুৰীয়াৰ কথাত মন বেয়া হ’ব পাৰে। অপ্ৰয়োজনীয় তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। ধৈৰ্যৰে কাম কৰিলে পৰিস্থিতি আপোনাৰ পক্ষত আহিব পাৰে।
মিথুন ৰাশি (Gemini)
আজি ধন খৰচ কৰাৰ ক্ষেত্ৰত বিশেষ সাৱধান হওক। অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত মনোযোগ দিয়ক। ব্যক্তিগত সম্পৰ্কত খৰখেদাকৈ কোনো সিদ্ধান্ত নল’ব।
সিংহ ৰাশি (Leo)
আজি আপোনাৰ মনত বিভিন্ন চিন্তা আহিব পাৰে। নিশাৰ ভাগত টোপনিৰ সমস্যাই দেখা দিব পাৰে। কৰ্মক্ষেত্ৰৰ চাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। সন্ধিয়া কিছু সময় খোজ কঢ়া বা নিজৰ পছন্দৰ কামত ব্যস্ত থাকিলে মন ভাল লাগিব।
মকৰ ৰাশি (Capricorn)
আজি আপোনাৰ ব্যক্তিগত সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে। সংগীৰ সৈতে কথা-বতৰা পাতোঁতে ধৈৰ্য ধৰক। আনৰ ওপৰত অযথা হেঁচা প্ৰয়োগ নকৰিব। কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















