অক্টোবৰ মাহত গ্ৰহৰ গতিবিধি গুৰুত্বপূৰ্ণ হ’ব যিয়ে বহু ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব৷ কেৱল সেয়াই নহয়, বৃহস্পতিৰ পৰা বুধ, শুক্ৰ, শনি, মঙল আৰু সূৰ্য পৰ্যন্ত সমস্ত প্ৰধান গ্ৰহই অক্টোবৰত আটাইবোৰেই ৰাশি পৰিবৰ্তন কৰিব৷ এই গ্ৰহৰ গতিবিধি কিছু ৰাশিৰ বাবে প্ৰচুৰ সুবিধা কঢ়িয়াই আনিব৷ অন্যহাতে কেইটামান ৰাশিৰ জাতক অৱশ্যে সতৰ্ক থাকিব লাগিব৷ অক্টোবৰত ভাগ্যবান ৰাশি কি কি?
অক্টোবৰত মীন ৰাশিয়ে উল্লেখযোগ্য স্বস্তি পাব৷ এই মাহত শনিৰ নক্ষত্ৰ পৰিবৰ্তনো ঘটিছে৷ এইসমূহ ৰাশিৰ জাতকৰ বাবে এই সময় স্বস্তিৰ সময়৷ তেওঁলোকৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷
বৃশ্চিক ৰাশিৰ জাতকৰ বাবে আয়ৰ উৎস তৈয়াৰ হৈছে৷ তেওঁলোকৰ আয় লাভৰ সম্ভাৱনা আছে৷ চাকৰি আৰু ব্যৱসায় উভয় ক্ষেত্ৰতেই লাভৰ সম্ভাৱনা আছে৷ কৰ্কট ৰাশিৰ জাতকৰ অৰ্থ, শিক্ষা, সন্তান আৰু ভাগ্য সম্পৰ্কিত বিষয়ত ইতিবাচক ফলাফল পাব৷
গ্ৰহৰ গোচৰে কোন কোন ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব?
বুধ তুলা ৰাশিৰ জাতকৰ বাবে উপকাৰী হ’ব৷ ব্যক্তিগত জীৱনত ইতিবাচক প্ৰভাৱ দেখা যাব৷ যোগাযোগৰ সৈতে জড়িতসকলে এই সময়ত উপকৃত হব৷
শুক্ৰই কন্যা ৰাশিৰ জাতকৰ আৰ্থিক জীৱনত প্ৰভাৱ পেলাব৷ কন্যা ৰাশিৰ জাতকে এই সময়ত পূৰ্বৰে পৰা পৰিকল্পনা কৰিব লাগিব৷ ব্যক্তিগত আৰু পেছাগত উভয় ক্ষেত্ৰতেই চেলেঞ্জে দেখা দিব পাৰে৷
তুলা ৰাশিত সূৰ্যৰ গোচৰত বহু ৰাশিৰ জাতকৰ আববে এক চেলেঞ্জিং সময় আহিব৷ বিশেষকৈ তুলা ৰাশিৰ জাতকে উচ্চ আত্মবিশ্বাস বজায় ৰাখিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















