প্ৰটিন, ফাইবাৰ, মিনাৰেলছ শৰীৰৰ অত্যন্ত উপকাৰী কেইটামান উপাদান। এই তালিকাত আৰু এক গুৰুত্বপূৰ্ণ উপাদান হৈছে ভিটামিন ডি। হাড় মজবুতৰ পৰা আৰম্ভ কৰি প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত ভিটামিন ডি অত্যন্ত উপকাৰী। চিকিৎসকে সেয়ে ভিটামিন ডি খোৱাৰ কথা কয়। কাৰণ ভিটামিন ডিৰ অভাৱত নানান শাৰীৰিক সমস্যাই দেখা দিব পাৰে। শৰীৰত ভিটামিন ডিৰ ঘাটি হলে কেনেকৈ বুজিব?
ঘনে ঘনে অসুস্থতা
ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ভিটামিন ডিয়ে। শৰীৰক বিভিন্ন ভাইৰাছ আৰু বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ শক্তিশালী কৰি তোলাতো সহায় কৰে। ঘনে ঘনে ভাইৰেল জ্বৰ, ছৰ্দি কাঁহত ভূগি থকাটোও শৰীৰত ভিটামিন ডিৰ ঘাটিৰ লক্ষণ হব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















