ষ্টেট বেংক অফ ইণ্ডিয়াই শুকুৰবাৰে জনাইছে যে নিৰ্ধাৰিত ৰক্ষণাবেক্ষণৰ কামৰ বাবে ১১ অক্টোবৰৰ মাজনিশাৰ পাছত কেইবাটাও ডিজিটেল পৰিসেৱা কিছু সময়ৰ বাবে বন্ধ হৈ পৰিব৷ ইয়াৰ ফলত এছ বি আইৰ ইউ পি আই পৰিসেৱা এক ঘণ্টা ধৰি অচল হৈ থাকিব৷ বেংকৰ এই বিজ্ঞাপ্তি অনুসৰি নিশা যিসকলে দেৰীকৈ অনলাইন লেনদেন কৰিব খোজে তেন্তে সাময়িক অসুবিধা তেওঁলোকে পাব পাৰে৷ সেয়ে আগতীয়াকৈয়ে গ্ৰাহকক বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷
কি কি পৰিসেৱা বন্ধ থাকিব?
এছ বি আইয়ে জনাইছে যে নিৰ্ধাৰিত সময়ত SBI UPI, IMPS, YONO, Internet Banking, NEFT আৰু RTGS এই পৰিসেৱাসমূহ বন্ধ থাকিব৷ অৰ্থাৎ মোবাইল বা অনলাইন বেংকিঙৰ মাধ্যমেৰে কোনো ধৰণৰ লেনদেন কৰিব নোৱাৰিব৷
SBIৰ বিজ্ঞাপ্তি অনুসৰি ১১ অক্টোবৰৰ নিশা ১ বাজি ১০ মিনিটৰ পৰা ২ বাজি ১০ মিনিট পৰ্যন্ত এই ৰক্ষণাবেক্ষণ কাৰ্যক্ৰম চলিব৷ অৰ্থাৎ মুঠ এঘণ্টা বেংকৰ এই ডিজিটেল পৰিসেৱাসমূহ অনুপলব্ধ থাকিব৷ নিশা ২ বাজি ১০ মিনিটৰ পাছত আকৌ পৰিসেৱাসমূহ স্বাভাৱিক হৈ যাব বুলি জনাইছে বেংক কৰ্তৃপক্ষই৷
SBIৰ গ্ৰাহকসকলক পৰামৰ্শ দিয়া হৈছে যে এই সময়ৰ ভিতৰত জৰুৰী লেনদেন কৰাৰ পৰিকল্পনা থাকিলে বিকল্প ব্যৱস্থা গ্ৰহণ কৰক৷
- UPI Lite পৰিসেৱা এই সময়ত চলি থাকিব, সেয়া ব্যৱহাৰ কৰিব পাৰে৷
- ATM পৰিসেৱা ব্যৱহাৰ কৰি নগদ অৰ্থ তুলিব পাৰে বা স্থানান্তৰ কৰিব পাৰে৷
- জৰুৰী প্ৰয়োজনত অন্য বেংকৰ একাউণ্ট ব্যৱহাৰ কৰিব পাৰে৷
- নগদ অৰ্থ লগত ৰখাৰো পৰামৰ্শ দিয়া হৈছে, যাতে হঠাৎ প্ৰয়োজন হলে কোনো অসুবিধাই দেখা নিদিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















