জ্যোতিষশাস্ত্ৰত শুক্ৰক সুখ, সম্পদ, মহিমা আৰু সমৃদ্ধি ইত্যাদিৰ কাৰণ হিচাপে বিবেচনা কৰা হয়৷ এই গ্ৰহক বৈবাহিক সুখ, সমৃদ্ধি, প্ৰেম, ভোগবিলাস, খ্যাতি, শিল্প, প্ৰতিভা, সৌন্দৰ্য আৰু আনন্দৰ প্ৰতীক হিচাপে ধৰা হয়৷ শুক্ৰৰ গতি বা অৱস্থানৰ পৰিবৰ্তন, ৰাশিচক্ৰৰ পৰিবৰ্তন মেষৰ পৰা মীন ৰাশিক প্ৰভাৱিত কৰে৷
বৈদিক জ্যোতিষশাস্ত্ৰত, শুক্ৰক বৃহস্পতিৰ পাছত সকলোতকৈ শুভ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ বৈবাহিক জীৱনত পুৰুষ আৰু নাৰীৰ সম্পৰ্ক আৰু সুখৰ বাবেও শুক্ৰ দায়ী৷ ৰাশিফলত শুক্ৰৰ অৱস্থানে সেই জাতক জাতিকাৰ জীৱনক ব্যাপকভাৱে প্ৰভাৱিত কৰে৷ জ্যোতিষীৰ মতে শুক্ৰৰ শুভ গুণে এজন ব্যক্তিৰ জীৱনলৈ ইমানেই সম্পদ আৰু আৰাম আনি দিব পাৰে যে সেয়া আপোনাৰ মোৰ কল্পনাৰো বাহিৰত৷
২ ৰাশি শুক্ৰৰ অত্যন্ত প্ৰিয়
শুক্ৰৰ কৃপাত এজন ব্যক্তিয়ে ভাল ঘৰ, যানবাহন আৰু বস্তুগত আৰাম পায়৷ শুক্ৰ প্ৰেম আৰু ৰোমান্সৰ গ্ৰহ হোৱাত ইয়াৰ কৃপাত বৈবাহিক জীৱনত সুখ থাকে আৰু প্ৰেমৰ সম্পৰ্ক স্থিতিশীল হয়৷ ২ ৰাশি আছে যাৰ ওপৰত শুক্ৰৰ আশীৰ্বাদ সকলো সময়তে থাকে৷ জানক তেওঁলোক কোন কোন?
বৃষ ৰাশি
বৈদিক জ্যোতিষশাস্ত্ৰৰ দ্বিতীয় ৰাশি হৈছে বৃষ, যাৰ শাসক গ্ৰহ শুক্ৰ, সম্পদ, সৌন্দৰ্য আৰু বিলাসিতা গ্ৰহ৷ বৃষ ৰাশি হৈছে পৃথিৱী উপাদানৰ সৈতে সম্পৰ্কিত এক ৰাশি৷ এই ৰাশিৰ লোক দৃঢ়প্ৰতিজ্ঞ, ব্যৱহাৰিক, স্থিতিশীল প্ৰকৃতিৰ৷ তেওঁলোক নিৰ্ভৰযোগ্য আৰু সৃজনশীলো৷ সৌন্দৰ্য আৰু বিলাসিতাৰ জীৱন তেওঁলোকে কটায়৷ ২০২৫ চনত বৃষৰ জীৱন সমৃদ্ধই, প্ৰেম আৰু সাফল্যৰে পূৰ্ণ হ’ব৷ শুক্ৰৰ কৃপাত এইবছৰ এই ৰাশিৰ জাতকৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আৰু অগ্ৰগতি আহিব৷
কন্যা ৰাশি
ৰাশিচক্ৰৰ ষষ্ঠ ৰাশি হৈছে কন্যা৷ এই ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰী ব্যক্তি পৰিশ্ৰমী, নিৰ্ভৰযোগ্য আৰু দলবদ্ধভাৱে কাম কৰাৰ ক্ষেত্ৰত বিশ্বাসী৷ শুক্ৰ গ্ৰহৰ প্ৰভাৱত ২০২৫ চন কন্যা ৰাশিৰ জাতকৰ বাবে বিশেষ সাফল্য আৰু সুখৰ সময়৷ সৌন্দৰ্য, প্ৰেম, সম্পদ আৰু বিলাসিতাৰ কৰ্তা শুক্ৰই এই বছৰ কন্যা ৰাশিৰ জাতকৰ ওপৰত তেওঁলোকে ইতিবাচক শক্তি বিয়পাই দিব পাৰে৷ আৰ্থিক লাভৰ সম্ভাৱনা প্ৰৱল হ’ব৷ বিনিয়োগ আৰু সম্পত্তি সম্পৰ্কিত কামত সাফল্য পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















