শীত আহিলেই বহুতৰে সকলোতকৈ ডাঙৰ সমস্যা হৈছে গোৰোহা ফটা৷ ভৰিৰ তল শুকাই গলে ছাল ফাটিবলৈ আৰম্ভ হয়৷ লগতে বিষো আৰম্ভ হব পাৰে৷ সাধাৰণতে শুকান পৰিবেশ আৰু পানী কমকৈ পান কৰাৰ কাৰণে এনে হয় বুলি প্ৰচলিত ধাৰণা৷ কিন্তু বহুতেই নাজানে যে শৰীৰত কিছু ভিটামিনৰ অভাৱ থাকিলেও এই সমস্যা আৰু বাঢ়ি যায়৷ কেৱল শীতেই নহয় গৰমকালতো গোৰোহা ফাটে৷
শীতকালত বতাহত আৰ্দ্ৰতা কম থাকে৷ ফলত ছালে নিজৰ আৰ্দ্ৰতা ধৰি ৰাখিব নোৱাৰে৷ ইয়াৰ সৈতে যদি শৰীৰত কিছু ভিটামিন কমি যায় তেতিয়া ছালৰ কোষ দুৰ্বল হয় আৰু সহজেই ফাটি যায়৷ আৰু সকলোতকৈ বেছি ক্ষতিগ্ৰস্থ হয় গোৰোহা৷ কি কি ভিটামিনৰ অভাৱত ভৰি ফটাৰ সমস্যাত ভূগিব পাৰে? জানি থওক সবিশেষ৷
ভিটামিন ইঃ ভিটামিন ই ছালৰ বাবে খুবেই গুৰুত্বপূৰ্ণ৷ ই ছালক নৰম ৰাখে আৰু শুষ্কতা কমায়৷ ইয়াৰ অভাৱত ছাল ৰুক্ষ হৈ পৰে৷ ছালৰ ওপৰিভাগ টান হৈ ফাটিবলৈ আৰম্ভ হয়৷ খোজ কাঢ়োতে গোৰোহাতেই বেছিকৈ চাপ পৰে সেয়েহে গোৰোহাই আগতে ফাটিবলৈ ধৰে৷
ভিটামিন বি-৩ঃ এই ভিটামিনে ছালৰ কোষক সুস্থ ৰাখে৷ বি-৩ কম থাকিলে ছাল শুকায় যায়৷ আৰু ফাটিবলৈ ধৰে৷ আনকি গোৰোহা গভীৰভাৱে ফাটিবলৈ ধৰে৷
ভিটামিন চিঃ ভিটামিন চিয়ে ছালত কোলাজেন তৈয়াৰ কৰে৷ কোলাজেনেই ছালক নমনীয় আৰু মজবুত কৰি ৰাখে৷ শৰীৰত ভিটামিন চি কমি গলে ছাল পাতল হৈ শুকাই যায়৷ ফলত সামান্য শুকান বতৰ আহিলেই গোৰোহা ফাটিবলৈ ধৰে৷
ভিটামিন এঃ ছালৰ নতুন কোষ তৈয়াৰ কৰা সহায় কৰে ভিটামিন এ৷ শৰীৰত এই ভিটামিন কম থাকিলে ছাল দ্ৰুততৰভাৱে ৰুক্ষ হৈ যায় আৰু ভৰি ফটাৰ সমস্যা বাঢ়ে৷
কেনেকৈ বুজিব শৰীৰত ভিটামিনৰ ঘাটি আছে?
এইক্ষেত্ৰত ছালৰ কেইটামান লক্ষণলৈ মন দিয়ক৷ যেনেকৈ ছাল অস্বাভাৱিকভাৱে শুকাই যোৱা, ছালত খজুৱতি, গোৰোহা খুব দ্ৰুত ফাটি যোৱা, ময়েশ্চৰাইজাৰ লগাইয়ো ছাল নৰম নোহোৱা৷ এই ধৰণৰ ইংগিত দেখিলে খাদ্যতালিকাত ভিটামিন কম আছে বুজিব৷
ভিটামিনৰ ঘাটি কমাবলৈ কি কি খাব?
ভিটামিন ইঃ বাদাম, সূৰ্যমুখী বীজ, আভোকাডো৷
ভিটামিন চিঃ কমলা, নেমু, ব্ৰকলি৷
ভিটামিন বি-৩ঃ কণী, মাছ, মাংস, দাইল৷
ভিটামিন এঃ গাজৰ, পালেং শাক, কোমোৰা৷
ঘৰুৱা উপায়েৰে কেনেকৈ যত্ন ল’ব?
নিশা ভৰিৰ পতাত ভাল ময়েশ্চৰাইজাৰ লগাই মোজা পিন্ধক৷ গৰম পানীত ভৰি তিয়াই ৰাখি মৃত ছালসমূহ এৰাই পেলাওক৷
প্ৰতিদিনে পৰ্যাপ্ত পানী খাওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















