কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
কাইলৈ ইংৰাজী ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসমীয়া পুহ মাহ। শীত কালৰ সবাতোকৈ শীতৰ মাহ বুলি পৰিচিত এই মাহৰ জ্যোতিষ শাস্ত্ৰত আছে বিশেষ মহত্ব। বিশেষকৈ সনাতন ধৰ্মৰ মান্যতা অনুসৰি এই পুহ মাহত কোনো ধৰণৰ শুভ অথবা মাংগলিক কাৰ্য অনুষ্ঠিত কৰা নহয়।
জ্যোতিষ শাস্ত্ৰ অনুসৰি সূৰ্য্য গ্ৰহ ধনু আৰু মীন ৰাশিত প্ৰৱেশ কৰিলেই পুহ মাহ আৰম্ভ হয়। ইয়াৰ প্ৰভাৱ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশতে চাব পাৰি।
বিশেষকৈ মীন ৰাশিত সূৰ্যৰ প্ৰৱেশে কিছু ৰাশিৰ ওপৰত ইতিবাচক আৰু কিছু ৰাশিৰ ওপৰত ই নেতিবাচক প্ৰভাৱ পেলাব। নেতিবাচক দিশটোৰ কথা ক’বলৈ গলে মিথুন ৰাশি, কন্যা ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশিৰ লোক কিছু সাৱধান হৈ থকাটো ভাল।
মিথুন ৰাশি-
মিথুন ৰাশিৰ লোকৰ কেৰিয়াৰত কিছু সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা আছে। স্বাস্থ্যৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া প্ৰয়োজন। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা। পাৰিবাৰিক জীৱনতো গুৰুত্ব দিয়া প্ৰয়োজন। য’তে ত’তে পইচা বিনিয়োগ নকৰিব।
কন্যা ৰাশি-
কন্যা ৰাশিৰ লোকৰ স্বাস্থ্য আৰু মানসিক দিশত কিছু সমস্যা আহিব পাৰে। ঘৰত কোনো জ্যোষ্ঠজনৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখিব। প্ৰেমৰ ক্ষেত্ৰতো কিছু সৱধান হোৱা প্ৰয়োজন।
বৃশ্চিক ৰাশি-
পৰিয়ালৰ কোনো লোকৰ সৈতে এই ৰাশিৰ জাতক-জাতিকাৰ মনোমালিন্য হোৱাৰ সম্ভৱনা। কেৰিয়াৰৰ ক্ষেত্ৰতো সমস্যা বৃদ্ধিৰ সম্ভৱনা। খৰচৰ মাত্ৰা অধিক।
মীন ৰাশি-
মীন ৰাশিৰ লোকৰ বাবে এই পুহ মাহ অশুভ হোৱাৰ ইংগিত। প্ৰায় অধিক ক্ষেত্ৰতো লোকচান হোৱাৰ সম্ভৱনা। ব্যৱসায়ত পাৰ্টনাৰশ্বীপৰ পৰা দূৰত্ব বজাই ৰখাই মংগলজনক। কোনো ধৰণৰ নতুন কামত হাত নিদিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















