খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?
শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

৫লাখ টকাৰ FD কৰিছে? মাহিলী কিমান ধন আয় হ’ব পাৰে?

৫লাখ টকাৰ FD কৰিছে? মাহিলী কিমান ধন আয় হ’ব পাৰে?

ভাৰতত নিৰাপদ বিনিয়োগ বুলিলে আজিও সাধাৰণ মানুহৰ প্ৰথম পছন্দ ফিক্সড ডিপোজিট বা এফ ডি৷ ধন হেৰুওৱাৰ ভয় নাই, ৰিটাৰ্ণত সুদো নিশ্চিত৷ এই দুই কাৰণতেই সৰু ডাঙৰ বহু বিনিয়োগকাৰীয়ে এফ ডিক বিশ্বাস কৰে৷ বহুতৰে ধাৰণা বৃহৎ অংক নহলে এফ ডিত লাভ নাই৷ কিন্তু বাস্তৱত মাত্ৰ ৫ লাখ টকাৰ এফডিৰ পৰাও নিয়মিত মাহিলী আয় সম্ভৱ৷

বেংক বা পোষ্ট অফিচত ৫ লাখ টকা জমা ৰাখি যদি কোনোৱে স্থায়ী মাহিলী আয়ৰ পৰিকল্পনা কৰে তেন্তে নন-কিউমুলেটিভ এফ ডিক বাচি লব পাৰে৷ এই ধৰণৰ এফ ডিত মাহিলী, ত্ৰিমাহিলী বা বাৰ্ষিক ভিত্তিত সুদ দিয়া হয়৷ অৱসৰপ্ৰাপ্ত ব্যক্তি বা যিসকলে দৈনন্দিন খৰচ চলাবলৈ সুদৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকৰ বাবে এই বিকল্প সুবিধাজনক৷

ধৰা হ’ল কোনোৱে ৫ বছৰৰ বাবে ৭শতাংশ বাৰ্ষিক সুদত ৫লাখ টকাৰ নন-কিউমুলেটিভ এফ ডি কৰে তেন্তে বছৰত সুদ পাব প্ৰায় ৩৫ হাজাৰ টকা৷ অৰ্থাৎ মাহিলী গড়ে প্ৰায় ২৯০০ টকা আয় কৰিব পাৰে৷ সুদৰ হাৰ বেংকভেদে পৃথক পৃথক হব পাৰে৷ সেয়ে চূড়ান্ত অংক সামান্য কমবেছি হব পাৰে৷

এফ ডিত ধন ৰখাৰ সময়ত সুদৰ ওপৰিও ৰেপো ৰেটৰ দিশত নজৰ ৰখা জৰুৰী৷ ৰেপো ৰেট বাঢ়িলে সাধাৰণতে বেংকৰ এফ ডিৰ সুদৰ হাৰো বাঢ়ে৷ ফলত সঠিক সময়ত এফ ডি কৰিলে তুলনামূলক ভাল ৰিটাৰ্ণ পোৱা সম্ভৱ৷ সাধাৰণ বিনিয়োগকাৰীৰ ক্ষেত্ৰত বছৰত যদি সুদ ৪০ হাজাৰতকৈ বেছি হয় তেন্তে ১০ শতাংশ টিডিএছ কটা হয়৷ ছিনিয়ৰ চিটিজেনৰ ক্ষেত্ৰত এই সীমা ৫০ হাজাৰ টকা৷ পেন কাৰ্ড নাথাকিলে টিডিএছ কটা হয় ২০ শতাংশ হাৰত৷

অৰ্থনৈতিক বিশেষজ্ঞৰ মতে, এফ ডি চিনাক্ত কৰাৰ পূৰ্বে মাহিলী আয়ৰ প্ৰয়োজন, কৰৰ সীমা আৰু ভৱিষ্যত আৰ্থিক পৰিকল্পনা ভালধৰণে বিচাৰ কৰা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *