Puri Temple Darshan: বন্ধ হৈ গ’ল দৰ্শন! পুৰীৰ মন্দিৰ সন্দৰ্ভত প্ৰশাসনৰ ডাঙৰ সিদ্ধান্ত
International Men’s Day 2026: মুখত হাঁহি, বুকুত হাজাৰ চিন্তা! পুৰুষৰ নেদেখা সংগ্ৰামক লৈ আজি বিশেষ চৰ্চা
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
আজিৰ ভাগ্যৱান ৩ ৰাশি, ধন-সম্পত্তি, কৰ্মক্ষেত্ৰৰে হ’ব ভাগ্য উজ্জ্বল!
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত
সাৱধান! ভয়ংকৰ ঘূৰ্ণীবতাহে সলনি কৰিছে গতিপথ
জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই বিকৃত ৰূপত পৰিৱেশন ‘মায়াবিনী’
ৰাশিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ!
ট্ৰিপল মাৰ্ডাৰক লৈ উত্তপ্ত দুলীয়াজান, অভিযুক্ত ৰাজুৰ পৰিয়ালক ৰাজহুৱাস্থানত অপদস্থ
সাৱধান! হেলমেট-ছিটবেল্ট নলগালে হ’ব বিপদ, থাকিব লাগিব আৰক্ষীৰ জিম্মাত
দেহৰ এই স্থানত যদি আছে তিল, আপোনাৰ প্ৰতি প্ৰসন্ন হ’ব ভাগ্য!
পৰনিৰ্ভৰশীল অৰ্থনীতিৰ পৰা আত্মনিৰ্ভৰ অৰ্থনীতিলৈঃ নৃপেন দাস

৫লাখ টকাৰ FD কৰিছে? মাহিলী কিমান ধন আয় হ’ব পাৰে?

৫লাখ টকাৰ FD কৰিছে? মাহিলী কিমান ধন আয় হ’ব পাৰে?

ভাৰতত নিৰাপদ বিনিয়োগ বুলিলে আজিও সাধাৰণ মানুহৰ প্ৰথম পছন্দ ফিক্সড ডিপোজিট বা এফ ডি৷ ধন হেৰুওৱাৰ ভয় নাই, ৰিটাৰ্ণত সুদো নিশ্চিত৷ এই দুই কাৰণতেই সৰু ডাঙৰ বহু বিনিয়োগকাৰীয়ে এফ ডিক বিশ্বাস কৰে৷ বহুতৰে ধাৰণা বৃহৎ অংক নহলে এফ ডিত লাভ নাই৷ কিন্তু বাস্তৱত মাত্ৰ ৫ লাখ টকাৰ এফডিৰ পৰাও নিয়মিত মাহিলী আয় সম্ভৱ৷

বেংক বা পোষ্ট অফিচত ৫ লাখ টকা জমা ৰাখি যদি কোনোৱে স্থায়ী মাহিলী আয়ৰ পৰিকল্পনা কৰে তেন্তে নন-কিউমুলেটিভ এফ ডিক বাচি লব পাৰে৷ এই ধৰণৰ এফ ডিত মাহিলী, ত্ৰিমাহিলী বা বাৰ্ষিক ভিত্তিত সুদ দিয়া হয়৷ অৱসৰপ্ৰাপ্ত ব্যক্তি বা যিসকলে দৈনন্দিন খৰচ চলাবলৈ সুদৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকৰ বাবে এই বিকল্প সুবিধাজনক৷

ধৰা হ’ল কোনোৱে ৫ বছৰৰ বাবে ৭শতাংশ বাৰ্ষিক সুদত ৫লাখ টকাৰ নন-কিউমুলেটিভ এফ ডি কৰে তেন্তে বছৰত সুদ পাব প্ৰায় ৩৫ হাজাৰ টকা৷ অৰ্থাৎ মাহিলী গড়ে প্ৰায় ২৯০০ টকা আয় কৰিব পাৰে৷ সুদৰ হাৰ বেংকভেদে পৃথক পৃথক হব পাৰে৷ সেয়ে চূড়ান্ত অংক সামান্য কমবেছি হব পাৰে৷

এফ ডিত ধন ৰখাৰ সময়ত সুদৰ ওপৰিও ৰেপো ৰেটৰ দিশত নজৰ ৰখা জৰুৰী৷ ৰেপো ৰেট বাঢ়িলে সাধাৰণতে বেংকৰ এফ ডিৰ সুদৰ হাৰো বাঢ়ে৷ ফলত সঠিক সময়ত এফ ডি কৰিলে তুলনামূলক ভাল ৰিটাৰ্ণ পোৱা সম্ভৱ৷ সাধাৰণ বিনিয়োগকাৰীৰ ক্ষেত্ৰত বছৰত যদি সুদ ৪০ হাজাৰতকৈ বেছি হয় তেন্তে ১০ শতাংশ টিডিএছ কটা হয়৷ ছিনিয়ৰ চিটিজেনৰ ক্ষেত্ৰত এই সীমা ৫০ হাজাৰ টকা৷ পেন কাৰ্ড নাথাকিলে টিডিএছ কটা হয় ২০ শতাংশ হাৰত৷

অৰ্থনৈতিক বিশেষজ্ঞৰ মতে, এফ ডি চিনাক্ত কৰাৰ পূৰ্বে মাহিলী আয়ৰ প্ৰয়োজন, কৰৰ সীমা আৰু ভৱিষ্যত আৰ্থিক পৰিকল্পনা ভালধৰণে বিচাৰ কৰা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *