শিশু, বৃদ্ধ, যুৱক বা মহিলা সকলোৰে বাবেই পোষ্ট অফিচত বিভিন্ন সঞ্চয় প্ৰকল্প আছে৷ বিশেষ বিষয় হৈছে যে এই বিনিয়োগসমূহে যদিও শক্তিশালী ৰিটাৰ্ণ প্ৰদান কৰে, চৰকাৰে নিজেই বিনিয়োগকাৰীক অৰ্থৰ নিশ্চিত নিৰাপত্তা দিয়ে৷ এই স্কিমসূহত সৰু বিনিয়োগো যথেষ্ট মুনাফাদায়ক হয়৷ তেনে এক প্ৰতিশ্ৰুতিশীল স্কিম হৈছে পোষ্ট অফিচ টাইম ডিপোজিট স্কিম, যৰ পৰা কেৱল সুদ হিচাপেই ৪ লাখ টকাতকৈ বেছি আয় কৰিব পাৰি৷
নিৰাপদ অৰ্থ আৰু শক্তিশালী ৰিটাৰ্ণ
মানুহে প্ৰায়েই তেওঁলোকৰ আয়ৰ কিছু অংশ সঞ্চয় কৰাৰ পৰিকল্পনা কৰে আৰু এনে স্থানত বিনিয়োগ কৰে যিয়ে নিৰাপদ অৰ্থ নিশ্চিত কৰে আৰু চমৎকাৰ ৰিটাৰ্ণো প্ৰদান কৰে৷ প্ৰচুৰ সুদৰ ওপৰিও অইন কেইবাটাও সুবিধা পোৱা যায়৷ চৰকাৰে ৫ বছৰৰ বাবে বিনিয়োগৰ ওপৰত ৭.৫ শতাংশ সুদৰ হাৰ প্ৰদান কৰে৷ এই প্ৰকল্পৰ নামৰ পৰাই বুজা গৈছে যে বিভিন্ন ম্যাদৰ বাবে বিনিয়োগ কৰিব পাৰে আৰু বিনিয়োগৰ ওপৰত আৰ্জিত সুদৰ হাৰ ভিন্ন হয়৷
এবছৰৰ বাবে বিনিয়োগ কৰিলে ৬.৯ শতাংশ সুদ পোৱা যায়৷
দুই বছৰৰ বাবে বিনিয়োগ কৰিলে ৭ শতাংশ সুদ পোৱা যায়৷
তিনি বছৰৰ বাবে বিনিয়োগ কৰিলে ৭.১ শতাংশ সুদ পোৱা যায়৷
পাঁচ বছৰৰ বাবে বিনিয়োগৰ ওপৰত ৭.৫শতাংশ সুদ৷
সৰ্বনিম্ন ১০০০ টকা দি এই একাউণ্ট খুলিব পাৰে৷
বিনিয়োগৰ ওপৰত সুদ বাৰ্ষিকভাৱে বৃদ্ধি কৰা হয়৷
সুদৰ পৰা আপুনি কেনেকৈ ৪.৫ লাখ টকা আয় কৰিব পাৰিব?
পোষ্ট অফিচ টাইম ডিপোজিট স্কিমক পোষ্ট অফিচ ছেভিংছ স্কিমৰ তালিকাৰ সকলোতকৈ কাৰ্যকৰ চৰকাৰী স্কিমসমূহৰ মাজত এটা হিচাপে বিবেচনা কৰা হয়৷ কাৰণ ই শক্তিশালী সুদৰ হাৰ, নিশ্চিত আয় আৰু কৰ ৰেহাই দিয়ে৷ এই বিনিয়োগৰ মাধ্যমেৰে কেৱল সুদৰ পৰাই ৪.৫ লাখ টকা আয়ৰ সম্ভাৱনা আছে৷
বিনিয়োগৰ ওপৰত সুদৰ আয় নিৰ্ভৰ কৰে৷ উদাহৰণস্বৰূপে এজন বিনিয়োগকাৰীয়ে পাঁচ বছৰৰ বাবে ৫লাখ বিনিয়োগ কৰিলে তেওঁ ২২৪,৯৭৮ টকা সুদ পাব আৰু মুঠ ম্যাদপূৰ্তিৰ পৰিমাণ হ’ব ৭২৪, ৯৭৮ টকা৷ পোষ্ট অফিচ টাইম ডিপোজিট স্কিম আয়কৰ আইন ১৯৬১ৰ ধাৰা ৮০চিৰ অধীনত কৰ ৰেহাইৰ সুবিধাও প্ৰদান কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















