এই বছৰ মকৰ সংক্ৰান্তি ১৪ জানুৱাৰী বুধবাৰে পালিত হ’ব৷ এই দিনটো ভগৱান সূৰ্যক উপাসনা কৰাৰ দিন৷ এই দিনটোতেই স্নান আৰু দান কৰা হয়৷ মকৰ সংক্ৰান্তি এইবাৰ খুবেই বিশেষ হ’ব কাৰণ এই উৎসৱৰ সময়তে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ৷ শুক্ৰ, সূৰ্য, বুধ আৰু মঙ্গলে মকৰ ৰাশিত একত্ৰ অৱস্থান কৰিব যাৰ ফলত ৪টা গ্ৰহৰ সংযোগ হব৷ এই বিশেষ সংযোগত চতুৰ্গ্ৰহী যোগো তৈয়াৰ কৰিব৷
দৃক পঞ্চাঙ্গ অনুসৰি শুক্ৰই ১৩ জানুৱাৰীত মকৰ ৰাশিত প্ৰৱেশ কৰিছে৷ ১৪ জানুৱাৰীত সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ ১৬ জানুৱাৰীত মঙ্গলে মকৰ ৰাশিত প্ৰৱেশ কৰিব আৰু ১৭ জানুৱাৰীত বুধে মকৰ ৰাশিত প্ৰৱেশ কৰিব৷ জানি থওক মকৰ সংক্ৰান্তিৰ পাছত গঠিত চতুৰ্গ্ৰহী ৰাজযোগৰ পৰা কোন ৰাশিৰ জাতক উপকৃত হ’ব৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই চতুৰ্গ্ৰহী ৰাজযোগে কেৰিয়াৰত বৃহৎ সাফল্য কঢ়িয়াই আনিব৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতি, নতুন দায়িত্ব আহিব পাৰে৷ ব্যৱসায়ীয়ে চৰকাৰী কাম বা ডাঙৰ অৰ্ডাৰৰ পৰা উপকৃত হব৷ সামাজিক সন্মান বৃদ্ধি পাব আৰু আপুনি আপোনাৰ পিতৃ বা কোনো ঊৰ্ধ্বতন ব্যক্তিৰ পৰা সহায় পাব পাৰে৷
কন্যা ৰাশি
এই যোগে কন্যা ৰাশিৰ জাতক জাতিকাৰ ভাগ্যক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে৷ শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু আদালতৰ গোচৰ সম্পৰ্কিত বিষয়ত সাফল্য সম্ভৱ৷ ৰৈ থকা কামসমূহ হঠাৎ সম্পন্ন হব৷ আত্মবিশ্বাস বৃদ্ধি পাব৷ ধৰ্মীয় কাৰ্যকলাপত আগ্ৰহ বৃদ্ধি পাব আৰু দীৰ্ঘ দূৰত্ব ভ্ৰমণো সম্ভৱ৷ এই যোগে আৰ্থিক লাভ আৰু পাৰিবাৰিক সুখ কঢ়িয়াই আনিব৷
ধনু ৰাশি
এই সময়কালত সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আয় আৰু কৰ্ম উভয় দিশৰ পৰাই শুভ হব৷ আপোনাৰ চাকৰিত স্থিতিশীলতা আৰু সহকৰ্মীসকলৰ পৰা সহায়তা পাব৷ ব্যৱসায়িক সম্প্ৰসাৰণৰ ইংগিত আছে৷ স্বাস্থ্যৰ উন্নতি হব আৰু দৈনন্দিন জীৱন আৰু সুশৃঙ্খল আৰু ভাৰসাম্যপূৰ্ণ হৈ উঠিব৷ পুৰণি বিনিয়োগত লাভৰ ইংগিত আছে৷
মকৰ ৰাশি
মকৰ ৰাশিত এই চাৰি গ্ৰহৰ সংযোগত তৈয়াৰ হৈছে৷ যিয়ে এই ব্যক্তিক নানানভাৱে উপকৃত কৰিব৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ ই আপোনাৰ কেৰিয়াৰক নতুন উচ্চতালৈ লৈ যাব৷ অমীমাংসিত কামসমূহ সম্পন্ন হব৷ উল্লেখযোগ্য আৰ্থিক লাভ সম্ভৱ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















