আজিৰ দিনত ভাল আয় থাকিলেই যে ধনী হৈ উঠিবই তেনে নহয়৷ প্ৰকৃত বিষয়টো হৈছে আয়ৰ পৰা কিমান সঞ্চয় কৰিছে আৰু সেই সঞ্চয় কেনেকৈ ক’ত বিনিয়োগ কৰিছে৷ বহুতেই মাহিলী ৫০,০০০ টকা আয় কৰিও মাহৰ শেষত এটকাও ৰাখিব নোৱাৰে৷ বহুতেই আকৌ সেই একে দৰমহাৰেই আৰ্থিকভাৱে স্বচ্ছল হৈ উঠে৷ পাৰ্থক্যটো তৈয়াৰ কৰে সঠিক পৰিকল্পনাৰ অভাৱেই৷
মাহত ৫০,০০০ টকা আয় হ’লে কিমান টকা সঞ্চয় কৰা উচিত?
ফাইনেন্সিয়েল এক্সপাৰ্টৰ মতে মাহিলী আয়ৰ অন্তত ৩০শতাংশৰ পৰা ৪০ শতাংশ সঞ্চয় কৰাটো সকলোতকৈ ভাল৷ সেই হিচাপত মাহিলী দৰমহাঃ ৫০০০০ টকা৷ আদৰ্শ সঞ্চয়ঃ ১৫০০০ টকাৰ পৰা ২০০০০ টকা৷ প্ৰতি মাহৰ আৰম্ভণিৰ দিশত যদি ইমান সঞ্চয় কৰা সম্ভৱ নহয় তেন্তে কমেও ১০,০০০ টকাৰে আৰম্ভ কৰিব সঞ্চয়৷
৫০-৩০-২০ ৰুল মানি চলি সঞ্চয় কৰক আৰু খৰচক বেলেন্স কৰিবলৈ শিকক৷ জনপ্ৰিয় ৫০-৩০-২০ ৰুল অনুসৰণ কৰিব পাৰে৷ ইয়াৰ অৰ্থ হৈছে ৫০শতাংশ প্ৰয়োজনীয় খৰচ যেনে ভাড়া, খাদ্য, যাতায়াত তাৰপিছতেই ৩০ শতাংশ ব্যক্তিগত খৰচ বা লাইফষ্টাইল মেনটেইন৷ ২০শতাংশ সঞ্চয় বা বিনিয়োগ৷ এই নিয়ম মানি চলিলে অপ্ৰয়োজনীয় খৰচ নিজে নিজেই কমি যাব৷
পূৰ্বে সঞ্চয় তাৰপিছত খৰচ
এই অভ্যাস গঢ়ি তোলক৷ বেছিভাগ মানুহেই যিমান ধন বাচে সেয়াহে সঞ্চয় কৰে৷ কিন্তু ধনী হোৱাৰ প্ৰথম চৰ্তই হৈছে সঞ্চয় আগতেই কৰক৷
কেৱল ধন জমা কৰি ৰাখিলেই নহয়, সেই জমা ধন বঢ়াব পাৰে৷ ৫০,০০০ টকা দৰমহা পোৱা এজন ব্যক্তিয়ে তলত দিয়া অংকত বিনিয়োগ কৰিব পাৰে৷
ইমাৰ্জেন্সি ফাণ্ড SIP (মিউচুয়েল ফান্ড)PPF, RD বা FD
কেৱল ধন জমা ৰাখিলেই নহ’ব৷ সেয়া বঢ়াব লাগিব৷ ৫০,০০০ টকা দৰমহাৰ এজন ব্যক্তিয়ে ইমাৰ্জেন্সি ফাণ্ড, SIP, PPF, RD, FD আদি কৰাটো জৰুৰী৷ তেতিয়া নিয়মিত সঞ্চয়ৰ অভ্যাস অব্যাহত থাকিব আৰু খৰচৰ ওপৰতো আপোনাৰ নিয়ন্ত্ৰণ থাকিব৷ এই চাৰিটা নিয়ম মানি চলিলেই ৫০,০০০ টকা দৰমহাৰ ওপৰতে ভৱিষ্যতৰ ডাঙৰ সম্পদ গঢ়ি তোলা সম্ভৱ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ