প্ৰাক্তন পত্নী ৰীতা ভট্টাচাৰ্যৰ মন্তব্যতৰ পাছতেই আৰম্ভ হৈছিল বিতৰ্ক৷ কুমাৰ চানুৰ বিৰুদ্ধে উত্থাপিত হৈছিল একাধিক অভিযোগ৷ ৰীতাৰ অভিযোগ আছিল অন্তঃসত্ত্বা অৱস্থাত তেওঁৰ ওপৰত অত্যাচাৰ কৰা হৈছিল৷ ইয়াৰোপৰি বিভিন্ন সাক্ষাৎকাৰত চানুক লৈ বিস্ফোৰক কিছু মন্তব্যও কৰিছিল তেওঁ৷ বিষয়টো আদালত পৰ্যন্ত পাইছিলগৈ৷ সম্প্ৰতি এই বিষয়ত ৰায় দিছে মুম্বাই হাইকৰ্টে৷ তাৰপাছত কি প্ৰতিক্ৰিয়া কুমাৰ চানুৰ?
ৰীতাই এক সাক্ষাৎকাৰত অভিযোগ কৰিছিল, অন্তঃসত্ত্বা অৱস্থাত তেওঁক অত্যাচাৰ কৰা হৈছে৷ খোৱাবোৱাও দিয়া হোৱা নাই৷ একাধিক বিবাহবহিৰ্ভূত সম্পৰ্কত সোমাই আছিল কুমাৰ চানু৷ এই অভিযোগসমূহে গায়কৰ ভাৱমূৰ্তি নষ্ট কৰিছে বুলিও আইনী নটিছত জনাইছিল চানুৰ অধিবক্তাই৷ ১৭ ডিচেম্বৰত এই গোচৰৰ শুনানিৰ দিনা চানুৰ তৰফৰ পৰা ৫০ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰা হয়৷ ৰীতাই এই গোচৰ প্ৰত্যাহাৰৰ আবেদনো কৰিছিল৷ শেষ পৰ্যন্ত চানুৰ পক্ষেই ৰায় দিছে হাইকৰ্টে৷
মুম্বাই হাইকৰ্টৰ ৰায়ক লৈ সংবাদমাধ্যমক চানুৱে কৈছিল, দীৰ্ঘ সময় ধৰি নিষ্ঠাৰে কাম কৰি মোৰ যি ভাৱমূৰ্তি তৈয়াৰ হৈছে৷ তাই মানহানিকৰ মন্তব্যৰে মোৰ ভাৱমূৰ্তি আৰু সন্মান নষ্ট কৰিলে মোৰ পৰিয়ালৰ ওপৰত তাৰ প্ৰভাৱ পৰিছে যি হোৱাটো মুঠেও উচিত নহয়৷’
অধিবক্তা ছানা ৰইছ খানৰ মাধ্যমেৰে ৰীতাৰ বিৰুদ্ধে গোচৰ তৰিছিল কুমাৰ চানুৱে৷ প্ৰথমে নটিছত ছানাই লিখি পঠিয়াইছিল যে বিগত ৪০ বছৰ ধৰি সংগীতত নিজকে নিমজ্জিত ৰাখিছে কুমাৰ চানুৱে৷ কোটি কোটি মানুহক আনন্দ দিছে৷ ক্ৰমাগত মিছা আক্ৰমণ কৰি অলপ সময়ৰ বাবে হৈ-চৈ কৰিব পাৰি ঠিকেই৷ কিন্তু যি শিল্পীয়ে সমগ্ৰ জীৱন ধৰি সংগীত উপহাৰ দিছে তেওঁক কেতিয়াও এই সকলো মিছা কালিমাৰে ভাৱমূৰ্তী নষ্ট কৰিব নোৱাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















