বুধবাৰে পুৱা ঘটিছিল ভয়ংকৰ দুৰ্ঘটনাটো৷ মহাৰাষ্ট্ৰৰ বাৰামতী বিমানবন্দৰত জৰুৰী অৱতৰণৰ সময়ত ভয়াৱহ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী তথা এন চিৰি প্ৰধান অজিত পাৱাৰে৷ দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ ২৪ ঘণ্টাৰ পাছত উদ্ধাৰ হৈছে ভাঙি পৰা বিমানৰ ব্লেকবক্স৷ যিকোনো বিমানৰ ব্লেকবক্সতেই বিমানৰ গতিবিধি সংক্ৰান্তিয় সমস্ত খবৰ আৰু ককপিটৰ ভিতৰৰ কথোপকথনৰ ৰেকৰ্ড থাকে৷ ফলত ব্লেকবক্সৰ তথ্য চাই জনা যাব যে অজিত পাৱাৰৰ বিমান ভাঙি পৰাৰ আগে আগে কি কি ঘটিছিল ককপিটত?
মহাৰাষ্ট্ৰৰ বাৰামতীত যি প্লেন দুৰ্ঘটনাত পৰিছিল সেই প্লেনৰ ককপিটত ক্ৰুৰ দুজনকে দুৰ্ঘটনাৰ ঠিক পূৰ্বে অহ ছৰি… কোৱাও শুনা গৈছিল৷ তাৰপিছতেই ঘটিছিল এই ভয়ংকৰ দুৰ্ঘটনা৷ বিমানত থকা ৫ জনৰ মাজত ৬৬ বছৰ বয়সীয়া অজিত পাৱাৰ, তেওঁৰ পাৰ্ছনেল ছিকিউৰিটি অফিচাৰ আৰু এটেনডেণ্ট, দুই ককপিট ক্ৰুৰ, পাইলট ইন কমাণ্ড সুমিত কাপুৰ আৰু ফাৰ্ষ্ট অফিচাৰ সম্ভাৱি পাঠক৷ দিল্লী-ভিত্তিক VSR Ventures Pvt Ltd পৰিচালিত এক Learjet 45 বিমান বাৰামতী টেবিল-টপ এয়াৰষ্ট্ৰিপত পুৱা ৮ বাজি ৪৫ মিনিটত দ্বিতীয়বাৰ লেণ্ড কৰাৰ সময়ত দুৰ্ঘটনাত পৰে৷
বুধবাৰে পুৱাই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত সন্ধিয়া বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোৰ এক বিশেষ দলে দুৰ্ঘটনাস্থল পৰিদৰ্শন কৰিছে৷ আৰম্ভ হৈছে ফৰেনছিক তদন্ত৷ সূত্ৰৰ খবৰ, বৃহস্পতিবাৰে পুৱা ভাঙি পৰা লিয়াৰজেট-৪৫ মডেলৰ বিমানখনৰ ব্লেকবক্স উদ্ধাৰ কৰিছিল তদন্তকাৰীয়ে৷ তাৰমাজত থকা তথ্য বিশ্লেষণৰ বাবে পঠোৱা হৈছে৷
পূৰ্ণাঙ্গ ৰিপৰ্ট আহিলে সকলো তথ্য স্পষ্ট হ’ব৷ দুৰ্ঘটনাৰ পূৰ্বৰ মুহূৰ্তত কি ঘটিছিল ককপিটৰ আভ্যন্তৰত সেই কথাও জানিব পৰা যাব৷ বিমান নিয়ন্ত্ৰক সংস্থা ডিজিচিএৰ এক ঊৰ্ধ্বতন কৰ্তাই জনাইছে যে দুৰ্ঘটনাৰ পূৰ্বৰ মুহূৰ্তত দুই বিমানকৰ্মীৰ মাজত কোনো এজনে চিৎকাৰ কৰি কৈ উঠিছিল , ‘অহ ছিট…!’ প্ৰাথমিকভাৱে অজিতৰ বিমানৰ উৰানত কোনো যান্ত্ৰিক খেলিমেলি লাভ কৰিব পৰা হোৱা নাই৷ সকলোবোৰ জানিবলৈ বিস্তাৰিত তদন্তৰ প্ৰয়োজন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ