জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা ফেব্ৰুৱাৰী মাহ অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব, বিশেষকৈ যিহেতু একাধিক গ্ৰহই একে ৰাশিত প্ৰৱেশ কৰিছে৷ এইবাৰ কুম্ভ ৰাশিত বিৰল সংযোগৰ ঘটনা ঘটিছে৷ য’ত ৰাহুৱে ইতিমধ্যেই উপস্থিত হৈ আছে৷ ফেব্ৰুৱাৰীত বুধ, সূৰ্য, মঙ্গল আৰু শুক্ৰও কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷
জ্যোতিষশাস্ত্ৰ অনুসৰি, কুম্ভ ৰাশিক শনিৰ ৰাশি হিচাপে বিবেচনা কৰা হয় আৰু বৰ্তমান শনিৰ চাৰে সাতিয়ে এই ৰাশিক কষ্ট দিছে৷ ফেব্ৰুৱাৰীত এই গ্ৰহ সংযোগে কেইটামান ৰাশিৰ বাবে চেলেঞ্জ তৈয়াৰ কৰিব৷ বৰ্তমান বুধ, সূৰ্য, মঙ্গল আৰু শুক্ৰই মকৰ ৰাশিত অৱস্থান কৰিছে৷ ফেব্ৰুৱাৰীত কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ গঠন হব৷ জানি থওক ফেব্ৰুৱাৰীত তৈয়াৰ হোৱা চতুৰ্গ্ৰহী যোগৰ পৰা কোন কোন ৰাশিৰ জাতক উপকৃত হ’ব?
মিথুন ৰাশি
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী যোগৰ গঠন মিথুন ৰাশিৰ বাবে ইতিবাচক সময় হব পাৰে৷ নেতৃত্বৰ সুযোগ আহিব পাৰে৷ যিসকল চাকৰিত আছে তেওঁলোকৰ বাবে এই সময়কালে স্বীকৃতি আৰু দায়িত্ব কঢ়িয়াই আনিব পাৰে৷ কেৰিয়াৰত উন্নতিৰ সুযোগ আহিব পাৰে৷ এই সমন্বয় ব্যৱসায়ত জড়িতসকলৰ বাবেও অনুকূল বুলি কোৱা হৈছে৷ নতুন বিনিয়োগৰ সুযোগ তৈয়াৰ হব পাৰে৷ পূৰ্ববৰ্তী বিনিয়োগসমূহেও লাভৰ ইংগিত দিয়ে৷ এই সিদ্ধান্ত অগ্ৰগতিৰ সময় হব পাৰে৷
বৃশ্চিক ৰাশি
এই গ্ৰহ যোগে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে স্বস্তি কঢ়িয়াই আনিব পাৰে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা বা বন্ধ হৈ যোৱা প্ৰকল্পসমূহ ধীৰে ধীৰে সমাধান হব পাৰে৷ পুৰণি ঋণ পৰিশোধ বা বকেয়া ফাণ্ড পুনৰুদ্ধাৰৰ সম্ভাৱনা আছে৷ কৰ্মসংস্থান আৰু ব্যৱসায় উভয় ক্ষেত্ৰতেই ধাৰাবাহিকভাৱে লাভৰ আশা কৰা হৈছে৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ লক্ষণ আছে৷ এই সময়ত আপুনি কোনো ডাঙৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ আপোনাৰ পৰিকল্পনা বাস্তবায়নৰ সময়৷
কুম্ভ ৰাশি
এই সময় কুম্ভ ৰাশিৰ বাবেও বিশেষ বুলি ধাৰণা কৰা হৈছে৷ এই ৰাশিত চাৰিটা গ্ৰহৰ উপস্থিতিয়ে আপোনাৰ জীৱনত ডাঙৰ পৰিবৰ্তনৰ ইংগিত দিয়ে৷ যিসকলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে ভাল সুযোগ পাব৷ ধাৰাবাহিকভাৱে কঠোৰ পৰিশ্ৰম কৰি থাকিলে সফলতা আহিব৷ এই সময়ত ধৈৰ্য আৰু বুদ্ধিৰে আগুৱাই যাওক, কাৰণ শনিৰ চাৰে সাতিৰ প্ৰভাৱ এতিয়াও আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















