কংগ্ৰেছ দৰে গুৰুত্ব নিদিয়ে নেকি কংগ্ৰেছ কৰ্মীসকলক? এই কথা চৰ্চালৈ আহিছিল ভাইৰেল এটা ভিডিঅ’ৰ পৰা৷ ভিডিঅ’টোত দেখা গৈছে, গৌৰৱ গগৈক সহায় বিচাৰি আহিছিল এগৰাকী কংগ্ৰেছ কৰ্মীয়ে৷ কিন্তু কংগ্ৰেছ কৰ্মীগৰাকীক সম্পূৰ্ণৰূপে উপেক্ষা কৰে গৌৰৱ গগৈয়ে৷ কংগ্ৰেছ কৰ্মী ৰংমন মিছনে বিগত ২০২২ চনৰ পৰা ব্লাডৰ কৰ্কটত আক্ৰান্ত হৈ আছে৷ সেই ৰংমন মিছন অসম প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু আইটি চেলৰ সৈতে জড়িত৷
ৰোগৰ বাবেই তেওঁ বহুবাৰ গৌৰৱ গগৈৰ পৰা সহায় বিচাৰিছিল৷ কিন্তু প্ৰত্যেকবাৰেই গৌৰৱে তেওঁক উপেক্ষা কৰিছে৷ শেষত তেওঁ ৰাজহুৱাকৈয়ে জনাইছে, ‘মোৰ কোনো মূল্য কংগ্ৰেছ দলৰ ওচৰত নাই৷ মই কষ্ট কৰা এজন কৰ্মী৷ কিন্তু গৌৰৱে বিচৰা স্বত্ত্বেও মোক ১ লাখ টকা দিবলৈ অস্বীকাৰ কৰিলে৷ মই এ পি চিচিৰ সভাপতিক নিবিচাৰি কাক বিচাৰিম?’ এক সাক্ষাৎকাৰযোগে এই কথা কৈছে ৰংমন মিছনে৷
ৰংমন মিছনৰ এই ভিডিঅ’ দেখাৰ পাছতেই শেহতীয়াকৈ ৰংমনৰ দায়িত্ব লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ৰংমনে এই সন্দৰ্ভত নিজেই আকৌ কৈছে, ‘মুখ্যমন্ত্ৰী মহোদয়ে মোৰ এই কষ্টৰ কথা জানিব পাৰি মোৰ চিকিৎসা জি এম চি এইছত বিনামূলীয়া কৰি দিলে৷ মোৰ চিকিৎসাৰ বাবে চৰকাৰে কৰা সহায়ে মোক নতুন আশা দিছে৷ মই মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰবাবে ধন্যবাদ জ্ঞাপন কৰিছো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















