RTI বা তথ্য জনাৰ অধিকাৰ আইনক নতুনকৈ সংশোধন কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ৷ বৃহস্পতিবাৰে লোকসভাত উত্থাপন হোৱা অৰ্থনৈতিক সমীক্ষা ৰিপৰ্টে এই ইংগিতেই দিছে৷ তাত কোৱা গৈছে গোপন ৰিপৰ্ট, খচৰা পৰ্যবেক্ষণ কিংবা কেন্দ্ৰীয় চৰকাৰৰ গোপন আলোচনা জনসমক্ষে প্ৰকাশ নকৰাৰ প্ৰস্তাৱ দিয়া হৈছে৷ কাৰণ ইয়াৰ ফলত প্ৰশাসনিক সিদ্ধান্তত বাধা তৈয়াৰ হৈছে৷
২০০৫ চনত UPA চৰকাৰ চলি ধৰাৰ সময়ত তৈয়াৰ হৈছিল তথ্য জনাৰ অধিকাৰ আইন৷ প্ৰশাসনিক কামত স্বচ্ছতা আৰু নাগৰিক অংশগ্ৰহণ নিশ্চিত কৰাই আছিল ইয়াৰ মূল উদ্দেশ্য৷ কিন্তু দাবী যে এই আইন ক্ৰমশ সাধাৰণ কৌতূহল নিবাৰণৰ অস্ত্ৰ হৈ পৰিছে৷ চৰকাৰী কামক প্ৰভাৱিত কৰাৰ বাবে এই আইনক ব্যৱহাৰ কৰিব নোৱাৰিব বুলি স্পষ্টকৈ জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ কিছু নথিপত্ৰক তথ্যৰ অধিকাৰ আইনৰ আওঁতাৰ বাহিৰত ৰখাৰো প্ৰস্তাৱ দিছে কেন্দ্ৰই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















