জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে জীৱনত সুখ সমৃদ্ধি লাভ কৰিবৰ বাবে কেৱল কঠোৰ পৰিশ্ৰমেই যথেষ্ট নহয়, ঘৰৰ পৰিবেশ আৰু দৈনন্দিন কিছু অভ্যাসো খুবেই গুৰুত্বপূৰ্ণ৷ বহু সময়ত আমি পৰিশ্ৰম কৰিলেও মানসিক চাপ, অশান্তি বা আৰ্থিক সমস্যাৰ পৰা মুক্তি নাপাও৷ জ্যোতিষমতে কেইবাটাও সহজ আৰু সৰু উপায় নিয়মিত মানি চলিলে ঘৰত ইতিবাচক শক্তি বৃদ্ধি পায় আৰু ধন সম্পদ, শান্তি বৰ্তি থাকে৷ জানি থওক তেনে পাঁচ কাৰ্যকৰ টিপছ
গংগাজলেৰে ঘৰ শুদ্ধ কৰক
প্ৰতিদিনে পুৱা ঘৰ পৰিষ্কাৰ কৰাৰ পাছত পূজা আৰম্ভ কৰাৰ পূৰ্বে ঘৰৰ চাৰিওপাশে গংগাজল ছটিয়াই দিয়াটো অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ শাস্ত্ৰমতে গংগাজন কেৱল পবিত্ৰই নহয়, ইয়াৰ পৰিবেশ শুদ্ধ কৰাৰো বিশেষ ক্ষমতা আছে৷ নিয়মিত গংগাজল ছটিয়ালে ঘৰত নিগেটিভ শক্তি কমি যায়৷ অশান্তি দূৰ হয় আৰু ঈশ্বৰৰ আশীৰ্বাদো লাভ কৰা যায়৷
গৰু আৰু কুকুৰক খাদ্য খোৱাওক
ৰন্ধনৰ সময়ত প্ৰথমে ৰুটি গৰুৰ বাবে আৰু শেষ ৰুটি কুকুৰৰ বাবে পৃথককৈ ৰখাটো শুভ বুলি ধৰা হয়৷ গৰুক ৰুটি খোৱালে পিতৃ দোষ শান্ত হয় আৰু ঘৰত অন্ন সম্পদৰ অভাৱ নাথাকে বুলি বিশ্বাস কৰা হয়৷ অন্যহাতে কুকুৰক খাদ্য দিলে ৰাহু-কেতুৰ অশুভ প্ৰভাৱ কমে, জীৱনত বাধা-বিপত্তি কমে৷
শুকান বা মলিন ফুল ঘৰত নাৰাখিব
ঘৰত কেতিয়াও শুকাই যোৱা বা মলিন হৈ যোৱা ফুল ৰখা উচিত নহয়৷ বিশেষকৈ পূজাৰ ঘৰত সকলো সময়তে তাজা ফুল ব্যৱহাৰ কৰাটো ভাল৷ জ্যোতিষমতে শুকান ফুল শক্তিৰ প্ৰতীক৷ যিয়ে ঘৰৰ সদস্যসকলৰ মাজত মতবিৰোধ বা মনবেয়া হোৱাৰ কাৰণ হব পাৰে৷ পুৰণি ফুল ডাষ্টবিন নহ’লে বোৱতী নদীত উটোৱাই দিয়া বা গছৰ টাব বা মাটিৰ সৈতে মিহলাই দিয়াটো উত্তম৷
খাদ্য খোৱাৰ সঠিক দিশ আৰু স্থান
খাদ্য খোৱাৰ সময়ত দিশক গুৰুত্ব দিয়ক৷ জ্যোতিষমতে উত্তৰমুখী হৈ ৰন্ধা বা খোৱা শুভ বুলি ধাৰণা কৰা হয়৷ কাৰণ এই দিশে ধন-সম্পদ, জ্ঞান আৰু ইতিবাচক চিন্তাভাৱনাক আকৰ্ষণ কৰে৷ কেতিয়াও বিচনাচ বহি খাদ্য গ্ৰহণ কৰা উচিত নহয়৷ ইয়াৰ ফলত ৰাহুৰ দোষ বাঢ়ে আৰু ঋণ বা অসুস্থতাৰ সমস্যা বাঢ়িব পাৰে বুলি বিশ্বাস কৰা হয়৷
শোৱাৰ সঠিক দিশ নিৰ্ণয়
শোৱাৰ সময়ত শৰীৰ কোন দিশত থাকিলে ভাল সেই কথাও জ্যোতিষশাস্ত্ৰত উল্লেখ আছে৷ জ্যোতিষ আৰু বৈজ্ঞানিক উভয় দৃষ্টিকোণৰ পৰা ই গুৰুত্বপূৰ্ণ৷ পূৰ্বদিশত ভৰি থৈ শোৱা উচিত নহয়৷ সঠিক দিশত শুলে পৃথিৱীৰ চৌম্বক শক্তিৰ সৈতে শৰীৰৰ ভাৰসাম্য বৰ্তি থাকে ফলত টোপনি ভাল হয়৷ মানসিক শান্তি বাঢ়ে আৰু জীৱনলৈ স্থিতি আৰু সমৃদ্ধি আহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















