• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

7 months ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

3 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

4 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

4 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

4 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

4 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

5 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

6 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

7 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

9 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

9 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

12 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

editor by editor
March 13, 2026
in জীৱনশৈলী
0
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি
0
SHARES
195
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মত প্ৰায় সমগ্ৰ বছৰজুৰি নানান উৎসৱ চলিয়েই থাকে৷ যাৰ ভিতৰত এক গুৰুত্বপূৰ্ণ উৎসৱ হৈছে অক্ষয় তৃতীয়া৷ ব’হাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিত অক্ষয় তৃতীয়াৰ উৎসৱ পালিত হয়৷ বিশ্বাস অনুসৰি যিকোনো কাম সম্পন্ন কৰাৰ বাবে এইদিনটো অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ লক্ষ্মী-নাৰায়ণৰ আৰাধনা আৰু নতুন সামগ্ৰী ক্ৰয় কৰাৰ বাবেও এই দিনটো শুভ বুলি ধাৰণা কৰা হয়৷ কথিত আছে যে এই শুভ তিথিত ক্ৰয় কৰা সামগ্ৰীৰ ফল চিৰস্থায়ী হয়৷ বিশেষকৈ এই দিনটোত সোণ ক্ৰয় কৰা খুবেই শুভ৷

অক্ষয় তৃতীয়া ২০২৬ কেতিয়া?

আগন্তুক ১৯ এপ্ৰিল অসমীয়াৰ ৫ ব’হাগত অক্ষয় তৃতীয়াৰ শুভ তিথি পৰিছে৷

অক্ষয় তৃতীয়াৰ তিথি কিমান ক্ষণ থাকিব?

১৯ এপ্ৰিলৰ দিনৰ ১ বাজি ১৩ মিনিট ১৮ ছেকেণ্ডৰ পৰা ২০ এপ্ৰিলৰ পুৱা ৫ বাজি ৫১ মিনিট ৫৮ ছেকেণ্ড পৰ্যন্ত তৃতীয়া থাকিব৷

সোণ ক্ৰয়ৰ শুভ সময়

১৯ এপ্ৰিলৰ পুৱা ১০.৪৯ৰ পৰা ২০ এপ্ৰিলৰ পুৱা ৫ বাজি ৫১ মিনিট পৰ্যন্ত আৰু ২০ এপ্ৰিলৰ পুৱা ৫ বাজি ৫১ মিনিটৰ পৰা ৭ বাজি ২৭ মিনিটলৈ থাকিব সোণ ক্ৰয়ৰ শুভ সময়৷

অক্ষয় তৃতীয়াৰ ৰীতিনীতি

সংস্কৃত অনুসৰি অক্ষয় শব্দৰ অৰ্থ হৈছে যাৰ কোনো ক্ষয় নাই৷ অৰ্থাৎ যি কেতিয়াও শেষ নহয়৷ সেয়ে ধাৰণা কৰা হয় অক্ষয় তৃতীয়াত কৰা যিকোনো কাম অক্ষয় থাকে৷ ইয়াৰ সৈতে শাস্ত্ৰমতে অক্ষয় তৃতীয়া সুখ প্ৰদানকাৰী আৰু পাপ নাশকাৰী তিথি৷ অক্ষয় তৃতীয়াৰ দিনা ব্যৱসায়ীয়ে লক্ষ্মী-গণেশ পুজাৰ আয়োজনো কৰে৷ বহুতে কেৱল ব্যৱসায়িক প্ৰতিষ্ঠানতেই নহয়, ঘৰতো পূজাৰ আয়োজন কৰে৷ ইয়াৰোপৰি বিভিন্ন মন্দিৰত ভক্তই ভিৰ কৰে৷ বিশ্বাস কৰা হয় যে এই দিনটোত সোণ ক্ৰয় কৰিলে পৰিয়াললৈ সুখ সমৃদ্ধি আহে৷

অক্ষয় তৃতীয়াত এনে কাম কৰক যাৰ বাবে আপোনাৰ পূণ্য লাভ হয়৷ এই দিনটোত ঈশ্বৰৰ উপাসনা, উপাসনা আৰু ধ্যান কৰক৷ নিজৰ আচৰণত মিঠা ভাৱ ৰাখক৷ সম্ভৱ হ’লে কাৰোবাক সহায় কৰক৷ যিয়ে আপোনাৰ দুৱাৰলৈ খালি হাতে আহে তেওঁলোকক পাৰ্যমানে দান কৰক৷ অক্ষয় তৃতীয়াত সোণ বা মূল্যবান সামগ্ৰী কিনা শুভ বুলি ধাৰণা কৰা হয়৷

অক্ষয় তৃতীয়াৰ গুৰুত্ব কি?

এই পূজাৰ সৈতে জড়িত হৈ আছে পুৰাণৰ কথা৷ শুনা যায় মহাভাৰতত কৌৰৱৰ হাতত পাশা খেলত হাৰি ১২ বছৰৰ বাবে বনবাস আৰু এবছৰৰ বাবে অজ্ঞাতবাসলৈ যাবলৈ বাধ্য হৈছিল পাণ্ডৱসকল৷ তেওঁলোক বনবাসত থকাৰ সময়ত আকৌ কৌৰৱসকলৰ চক্ৰান্তত মুনি দুৰ্বাসাই তেওঁৰ শিষ্যসকলক লৈ এনিশা পাণ্ডৱসকলৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিবলৈ যায়৷ কিন্তু সেই সময়ত পাণ্ডৱসকল খুবেই অভাৱী আছিল৷ ঘৰত নাছিল এমুঠিও অন্ন৷ ক্ষুধাৰ্ত মুনি দুৰ্বাসাই অভিশাপ দিব ভাৱি ভয় খাই আছিল পাণ্ডৱ আৰু দ্ৰৌপদীয়ে৷ ঠিক সেই সময়তে শ্ৰীকৃষ্ণই আহি ভাতৰ চৰুৰ তলত লাগি থকা একমাত্ৰ ভাতৰ দানাও খায় পেলায়৷ আৰু অবাক কৰা বিষয় যে তাতেই পেট ভৰি যায় দুৰ্বাসা আৰু তেওঁৰ শিষ্যসকলৰ৷ দুৰ্বাসাৰ অভিশাপৰ পৰা এই অক্ষয় তৃতীয়াৰ দিনাই পাণ্ডৱসকল ৰক্ষা পৰিছিল৷ সেয়ে এই দিনটোক শুভ বুলি ধাৰণা কৰা হয়৷

আৰু অন্য এক চলিত পৌৰাণিক কথা অনুসৰি বিষ্ণুৰ নৱম অৱতাৰ কৃষ্ণই দ্বাপৰ যুগত জন্মগ্ৰহণ কৰে মৰ্ত্যত৷ তেওঁৰ সুদামা নামৰ এজন দৰিদ্ৰ ব্ৰাহ্মণ বন্ধু আছিল৷ সুদামাই এদিন ভুলবশত কৃষ্ণৰ সকলো খাদ্য খাই পেলায়৷ ইয়াৰপাছতেই তেওঁ শ্ৰীকৃষ্ণক খাদ্য দিবলৈ এমুঠি চাউল লৈ তেওঁৰ ঘৰলৈ আহে৷ তেওঁক খোৱাবৰ বাবে বন্ধু সুদামাই লৈ অনা চাউলমুঠি দেখি মুগ্ধ হয় শ্ৰীকৃষ্ণ৷ ইয়াৰপাছতেই শ্ৰীকৃষ্ণৰ আশীৰ্বাদত সুদামাৰ সমস্ত দাৰিদ্ৰতা দূৰ হয়৷ ধাৰণা কৰা হয় এই দিনটো আছিল অক্ষয় তৃতীয়া৷ ব’হাগৰ শুক্লপক্ষৰ তৃতীয়া তিথি৷ সেয়ে এই দিনটো শুভ৷ ইয়াৰোপৰি শুনা যায় অক্ষয় তৃতীয়াৰ দিনাই পৰশুৰামেও জন্মগ্ৰহণ কৰিছিল সেইবাবেও এই দিনটো শুভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!
জীৱনশৈলী

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

September 26, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

September 26, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

September 26, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

September 26, 2026
Next Post
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.