Most Award In 98th Oscars: ৯৮ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সেৰ ফালৰ এক অনুষ্ঠানত বিজয়ীসকলৰ নাম ঘোষণা কৰে। এই অনুষ্ঠানৰ পিছতে চৰ্চা লাভ কৰা ছবিখন হৈছে ২০২৫ চনৰ আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা পল থমাছ এণ্ডাৰছনৰ পৰিচালনাত নিৰ্মিত “ৱান বেটল আফটাৰ এনাদাৰ (One Battle After Another)” ছবি। এই ছবিখনে সৰ্বাধিক একাডেমী বঁটা লাভ কৰিছে, ৬ টা শিতানত বঁটা লাভ কৰি শ্ৰেষ্ঠ হৈছে।
জানুৱাৰী মাহত প্ৰকাশ পাইছিল অস্কাৰৰ মনোনয়ন(nomination)ৰ তালিকা ৷ “ৱান বেটল আফটাৰ এনাদাৰ”-এ ১৩টা মনোনয়ন লাভ কৰি সেই শাখাসমূহৰ ভিতৰত ৬ টা শাখাত বঁটা লাভ কৰে। ৰিয়ান কুগলাৰৰ পৰিচালনাৰ ছবি “চিনাৰ্ছ (sinners)”এ ১৬ টা মনোনয়ন (nomination) লাভ কৰিছিল যদিও মাত্ৰ চাৰিটা বঁটা লাভ কৰিছিল। অৰ্থাৎ “ৱান বেটল আফটাৰ এনাদাৰ (One Battle After Another)”-এ “চিনাৰ্ছ”তকৈ কম মনোনয়ন লাভ কৰিছিল, কিন্তু অধিক বঁটা লাভ কৰে।
“ৱান বেটল আফটাৰ এনাদাৰ”-এ শ্ৰেষ্ঠ অভিনয়, শ্ৰেষ্ঠ সহযোগী অভিনেতা (শ্বীন পেন), শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য, শ্ৰেষ্ঠ চলচ্চিত্ৰ সম্পাদনা, শ্ৰেষ্ঠ পৰিচালক (পল থমাছ এণ্ডাৰছন), আৰু শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে। আন দুটা ডাঙৰ শাখাত ছবিখনে বহু প্ৰত্যাশিত আছিল যদিও জয়ী হ’ব নোৱাৰিলে। সেই দুটা শাখা আছিল শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰী। মাইকেল বি জৰ্ডানে “চিনাৰ্ছ”ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে। জেছি বাকলিয়ে “হামনেট”ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













